ইটানগৰ,১৪ জানুৱাৰী (হি.স.)। ভোগালীৰ আনন্দ উল্লাসৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচলত ভয়ংকৰ গোষ্ঠীগত সংঘাত৷ অৰুণাচলৰ নামচাইত দুটা জনগোষ্ঠীৰ মাজত ব্যাপক হিংসাৰ দাবানল৷
শনিবাৰে নিশা নামচাইৰ অঞ্চলত বসবাস কৰা খামতি আৰু চাহ জনগোষ্ঠীৰ লোকৰ মাজত তয়াময়া ৰণ৷ খামতি লোকৰ আক্ৰমণত আহত ১৫ জনকৈ আদিবাসীলোক৷ হস্তনিৰ্মিত বন্দুক আৰু তৰোৱালৰ সৈতে আক্ৰমণ চাহ জনগোষ্ঠী লোক সকলক৷ দেওবাৰে পুৱাৰে পৰা মহাদেৱপুৰত নামচাই অসম সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ চাহ জনগোষ্ঠী লোকৰ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
