শিৱসাগৰ, ১৮ জানুৱাৰী (হি.স.)। বৃহস্পতিবাৰে অসমৰ শিৱসাগৰ জিলাত উপস্থিত হয় ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ইয়াত নাগালেণ্ড-অসম সীমান্ত অঞ্চলত আয়োজন কৰা এক কাৰ্যসূচীত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অন্যায় সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে ইয়াৰ পূৰ্বে তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল। জনতাই তেওঁক পৰামৰ্শ দিছিল যে এতিয়া তেওঁও পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰিব লাগে। সেয়ে তেওঁ মণিপুৰৰ পৰা অসমৰ নাগালেণ্ড হৈ মুম্বাইলৈ যাত্ৰা আৰম্ভ কৰিছে। ভাষণত তেওঁ এই ভ্ৰমণ সফলতাৰে সমাপ্ত কৰাৰ বাবে নাগালেণ্ড আৰু মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক ধন্যবাদ জ্ঞাপন কৰে।
ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আজি পুৱা ৯ বজাত নাগালেণ্ডৰ পৰা অসমত উপস্থিত হয়, য’ত ইতিমধ্যে সীমান্তত উপস্থিত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে তেওঁৰ কনভয়ক আদৰণি জনায়। এই যাত্ৰাই উচচ অসমত দিনটো ভ্ৰমণ কৰি আজি যোৰহাটত উপস্থিত হ’ব। যোৰহাটত ভাষণ দিব ৰাহুল গান্ধীয়ে। আজি তেওঁ নিশাটো যোৰহাটতে অতিবাহিত কৰিব।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/অৰৱিন্দ/মনোজ
