জম্মু, ১০ জুলাই (হি.স.)। জম্মুৰ ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা অমৰনাথ গুহাত বাবা বৰফনীৰ দৰ্শন কৰিবলৈ আন এটা ৭,৩০৭ তীৰ্থযাত্ৰীৰ দলে কাশ্মীৰ উপত্যকালৈ ৰাওনা হয়।
বিষয়াসকলৰ মতে, আজি পুৱা ২৮৪খন বাহনেৰে জম্মু বেছ কেম্পৰ পৰা তীৰ্থযাত্ৰীসকল ৰাওনা হয়। এই বেটচত ৫৫৩৪ জন পুৰুষ, ১৫৮৬ জন মহিলা, ২৫ জন শিশু, ১৩৮ জন সাধু আৰু ২৪ জন সাধ্বী আছিল। ইয়াৰে ৩০৮১ জন তীৰ্থযাত্ৰী পুৱা ৩:১৫ বজাত বাল্টাল বেছ কেম্পলৈ আৰু ৪২২৬ জন তীৰ্থযাত্ৰী পুৱা ৩:৫৮ বজাত পেহেলগাম বেছ কেম্পলৈ ৰাওনা হয়, য’ৰ পৰা তেওঁলোকে পবিত্ৰ গুহালৈ আগবাঢ়ি যাব।
আনহাতে, বুধবাৰে দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত শ্ৰী অমৰনাথ মন্দিৰত প্ৰায় ১৭ হাজাৰ তীৰ্থযাত্ৰীয়ে বৰফৰ লিংগ পৰিদৰ্শন কৰে। এইদৰে চলিত বৰ্ষৰ প্ৰথম সপ্তাহত দৰ্শনাৰ্থীৰ মুঠ সংখ্যা ১,২৮,০০০ জনলৈ বৃদ্ধি পাইছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
