-দক্ষিণ আৰব সাগৰত ৩৬ ঘণ্টাত নৌসেনাই বিফল কৰিলে দুটা সামুদ্ৰিক ডকাইতিৰ ঘটনা
– উদ্ধাৰ হোৱা ৩৬ জন ক্ৰু মেম্বাৰৰ ভিতৰত ১৭ জন ইৰাণী আৰু ১৯ জন পাকিস্তানী নাগৰিক
নতুন দিল্লী, ৩০ জানুৱাৰী : সামুদ্ৰিক অঞ্চলনত নিৰাপত্তা প্ৰদান কৰাৰ অৰ্থে ভাৰত মহাসাগৰৰ চাৰিওফালে ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ মোতায়েন কৰা হৈছে। ভাৰতীয় নৌসেনাই দক্ষিণ আৰব সাগৰত ৩৬ ঘণ্টাৰ ভিতৰতে দুই সামুদ্ৰিক ডকাইতি (পাইৰেচি আক্ৰমণ) বিফল কৰিছে। ইৰাণৰ জাহাজ এফ ভি ইমানক উদ্ধাৰ কৰাৰ পিছত ভাৰতীয় নৌসেনাৰ কমাণ্ডোৱে পাকিস্তানৰ জাহাজ আল নাইমীক জলদস্যুৰ কবলৰ পৰা মুক্ত কৰিছে। এই দুয়োটা অভিযানতে বণিক জাহাজ মুক্ত কৰাৰ লগতে ৩৬ জন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰা হৈছে, ইয়াৰে ১৭ জন ইৰাণী আৰু ১৯ জন পাকিস্তানী নাগৰিক।
ইৰাণৰ মাছ ধৰা জাহাজ এম ভি ইমানক ২৮ জানুৱাৰীত কোচিৰ পৰা ৭০০ নটিকেল মাইল পশ্চিমে আৰব সাগৰত ছোমালি জলদস্যুই অপহৰণ কৰিছিল। ভাৰতীয় নৌসেনাই নিজৰ যুদ্ধ জাহাজ আইএনএছ সুমিত্ৰা প্ৰেৰণ কৰি জাহাজখনত থকা ১৭ জন ক্ৰু মেম্বাৰ আৰু অপহৰণ কৰা মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ পদক্ষেপ লয়। লগে লগে যুদ্ধ জাহাজখনে অপহৰণ কৰা জাহাজখন উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। ভাৰতে নিৰাপদে মাছ ধৰা জাহাজ ইমান উদ্ধাৰ কৰি ছোমালি জলদস্যুক নিৰস্ত্ৰ কৰি ছোমালিয়া অভিমুখে খেদি পঠিয়ায়। যুদ্ধ জাহাজখনত উপস্থিত থকা এ এল এইচ ধ্ৰুৱ হেলিকপ্টাৰে অপহৰণ কৰা জাহাজখনক চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল, যাতে জাহাজখনত উপস্থিত থকা জলদস্যুসকলক সতৰ্ক কৰি দিব পৰা যায়। ইৰাণৰ জাহাজখন উদ্ধাৰ কৰাৰ পিছত ভাৰতৰ যুদ্ধ জাহাজ আই এন এছ সুমিত্ৰই সেই অঞ্চল এৰি থৈ যায়।
এই অভিযান সম্পূৰ্ণ কৰাৰ পিছত ভাৰতীয় যুদ্ধজাহাজখন ছোমালিয়াৰ পূব উপকূলৰ ওচৰত আছিল যেতিয়া ২৯ জানুৱাৰীত আন এক জলদস্যুৰ কাৰ্যকলাপৰ কথা গম পাইছিল। কোচিৰ পৰা প্ৰায় ৮৫০ নটিকেল মাইল পশ্চিমে দক্ষিণ আৰব সাগৰত অভিযানত নিয়োজিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ সুমিত্ৰাই পাকিস্তানী মাছ ধৰা জাহাজ আল নাইমি আৰু ইয়াৰ ১৯ জন পাকিস্তানী নাগৰিকক পণবন্দী কৰি ৰখাৰ তথ্য লাভ কৰে। ইয়াৰ ওপৰত তেওঁক পাকিস্তানী জাহাজখন জলদস্যুৰ পৰা বচাবলৈ কাৰ্য্যত নিয়োজিত কৰা হয়। ২৯ জানুৱাৰীত যুদ্ধজাহাজ সুমিত্ৰাই হেলিকপ্টাৰৰ সহায়ত অপহৰণ কৰা জাহাজখন ঘেৰাও কৰি জাহাজখনৰ নিৰাপদ মুক্তিৰ বাবে পাকিস্তানী ক্ৰু আৰু ১১ জন জলদস্যু পলায়ন কৰিবলগীয়া হয়।
ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডোসকলে পাকিস্তানী নাওখনৰ ক্ৰুসকলক নিৰাপদে উদ্ধাৰৰ অভিযানত অংশ লৈছিল। যোৱা ৩৬ ঘন্টাত ভাৰতীয় নৌসেনাৰ এয়া আছিল দ্বিতীয়টো সফল পাইৰেচি বিৰোধী অভিযান। দ্বিতীয়টো সফল পাইৰেচি বিৰোধী অভিযান চলোৱা ভাৰতীয় নৌসেনাৰ থলুৱা অফশ্ব’ৰ পেট্ৰ’ল জাহাজ আই এন এছ সুমিত্ৰক ছোমালিয়া আৰু এডেন উপসাগৰৰ পূব দিশত পাইৰেচি বিৰোধী আৰু সামুদ্ৰিক সুৰক্ষা অভিযানৰ বাবে নিয়োগ কৰা হৈছিল। সাগৰীয় সকলো নাৱিক আৰু জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সামুদ্ৰিক ভাবুকিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় নৌসেনাই অঞ্চলটোত নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰমাণ কৰিলে।
