• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > লোকসভা নিৰ্বাচনঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
National

লোকসভা নিৰ্বাচনঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

CliQ INDIA
Last updated: May 7, 2024 12:35 pm
CliQ INDIA
Share
5 Min Read
SHARE

গুৱাহাটী। চলিত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি ৭মে’ মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে। পুৱা সাত বজাৰ পৰাই আৰম্ভ হয় এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। অসমৰ চাৰিটা সমষ্টিৰ লগতে দেশজুৰি ৯৫টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। দেশৰ ১০ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত এই ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচনী আয়োগ তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া তথা কৰ্মীসকলে ভোটদান কেন্দ্ৰত হাজিৰ হৈছেগৈ।

উল্লেখ্য যে অসমত তৃতীয় তথা অন্তিম পৰ্যায়ত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে । অসমত ইতিমধ্যে ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত ১০ খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হৈছে। অসমৰ ৪ খন আসনৰ উপৰিও বিহাৰত ৫খন আসন, ছত্তীশগড়ত ৭খন, কৰ্ণাটকত ১৪খন, মধ্যপ্ৰদেশত ৯খন, মহাৰাষ্ট্ৰত ১১খন আসন, উত্তৰ প্ৰদেশত ১০খন, পশ্চিমবংগত ৪খন, গুজৰাটত ২৫খন, গোৱাত ২খন আসন আৰু জম্মুকাশ্মীৰত ২খন আৰু দাদৰ আৰু নগৰ হাভেলী আৰু ডিউত ২খন আসনৰ বাবে আৰম্ভ হৈছে ভোটযুদ্ধ। এই পৰ্যায়ত মধ্যপ্ৰদেশৰ বেতুল লোকসভা আসনখনৰো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। যোৱা ২৬ এপ্ৰিলত মধ্যপ্ৰদেশৰ বেতুল লোকসভা আসন খনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব লগা আছিল যদিও বিএছপি প্ৰাৰ্থী অশোক ভালৱীৰ মৃত্যুৰ বাবে এই আসনখনৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল। এতিয়া এই সমষ্টিটোৰ ভোটদান তৃতীয় পৰ্যায়ত অৰ্থাৎ ০৭ মে’ত অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মন কৰিবলগীয়া যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শাসকীয় বিজেপিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ এইটো পৰ্যায়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ ২৬ টা সমষ্টিৰ ২৫টাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ১৯৯৫ চনৰে পৰা তিনিটা দশক ধৰি গুজৰাট বিধানসভা বিজেপিৰ দখলত আছে। ৰাজ্যখনৰ ২৬টা সমষ্টিৰ এটা তথা ছুৰাট সমষ্টিত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে। ছুৰাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুকেশ দালাল বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহু কেইগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। হেভীৱেইট প্ৰাৰ্থীৰ ভিতৰত আছে গুজৰাটৰ আহমেদাবাদৰ বিজেপি প্ৰাৰ্থী হসমুখভাই পেটেল। মধ্যপ্ৰদেশতে আছে বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থী। ৰাজ্যখনৰ গুণা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ হেভীৱেট প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে ভাগ্য নিৰ্ণয় হ’ব বিদৰ্ভ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। লগতে ভাগ্য নিৰ্ণয় হ’ব ৰাজ্যখনৰ ৰাজগড় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগ্বিজয় সিং, ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক শৰ্মা।

একেদৰে হেভীৱেইট প্ৰাৰ্থীৰ তালিকাত চৰ্চাত থকা প্ৰাৰ্থীৰ ভিতৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব দক্ষিণ গোৱাৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী ডেম্প’, কৰ্ণাটকৰ ধাৰৱাড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰহ্লাদ যোশী, উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী তথা অখিলেশ পত্নী ডিম্পল যাদৱৰ। ভাগ্য নিৰ্ণয় হ’ব পশ্চিমবংগৰ বেৰহামৰপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হেভীৱেইট প্ৰাৰ্থী এনচিপিৰ সুপ্ৰিয়া চুলেৰ। একেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হেভীৱেইট প্ৰাৰ্থী হিচাপে অসমৰ ধুবুৰী সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ নামো চৰ্চাত আছে। অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰ ২০০৯ চনৰ পৰাই ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বদৰুদ্দিন আজমলক এইবাৰ প্ৰৱল প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে। ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনক প্ৰাৰ্থীৰূপে থিয় কৰাইছে।

উল্লেখ্য যে অসমত লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লক্ষিমপুৰকে ধৰি অসমৰ ৫ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয় । প্রথম পর্যায়ৰ ৫ টা সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইফালে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত ভোটগ্ৰহণ কৰা হৈছে। এই ৫সমষ্টিৰ বাবে মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী। আনহাতে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪৭ জন, ইয়াৰে ৪১ জন পুৰুষ আৰু ৬ জন মহিলা।

উল্লেখ্য যে দেশৰ পঞ্চদশ লোকসভা নিৰ্বাচন ৭টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত ইতিমধ্যে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্যত ১০২ আসন আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৮৮ খন আসনৰ বাবে ভোট গ্ৰহণ সম্পন্ন হৈছে। সাতোটা পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পাছত ৪ জুনত কৰা হ’ব ভোটগণনা। চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। আনহাতে ২৩ মে’ত কৰা হৈছিল ভোটগণনা।

You Might Also Like

বিশ্ব নেতৃবৃন্দ নিউ ইয়র্কে দ্বিতীয় আন্তর্জাতিক অভিবাসন পর্যালোচনা ফোরাম ২০২৬-তে অংশগ্রহণ করেন অভিবাসন শাসনের ভবিষ্যত গঠনের জন্য
আজি মধ্যপ্ৰদেশৰ ধৰ আৰু ইন্দোৰ জিলাত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৪৪১ জন
ভাৰত আৰু জাপানে পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ উত্তৰাখণ্ডত ধৰ্ম গাৰ্ডিয়ান ২০২৬ যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰিলে
কংগ্ৰেছে গান্ধীজীক একাধিকবাৰ হত্যা কৰিছেঃ বাসৱৰাজ বোম্মাই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিৱসাগৰত নিচা মুক্তি কেন্দ্ৰত চিকিৎসাধীন যুৱকৰ মৃত্যু
Next Article বতৰৰ বিধিপথালিৰ মাজতে ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?