নতুন দিল্লী, ৩০ জানুৱাৰী (হি.স.)। আজি পুৱাৰ ভাগত ভাৰতৰ লেহ-লাডাখৰ পৰা ৭ সাগৰৰ সিপাৰে কিৰ্গিস্তানত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। এই তথ্য ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ আৰু জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ ছায়েন্সে প্ৰদান কৰিছে।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পুৱা ০৫:৩৯ বজাত লেহ আৰু লাডাখত অনুভূত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৪ বুলি ৰেকৰ্ড কৰা হৈছে। বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। আনহাতে জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ চাইন্সেছৰ তথ্য অনুসৰি মঙলবাৰে কিৰ্গিস্তান-জিনজিয়াং সীমান্তৱৰ্তী অঞ্চলত প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬ প্ৰাৱল্য জুখিছিল। ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হৈছে নে নাই সেই সম্পৰ্কে তথ্য এতিয়াও উপলব্ধ হোৱা নাই। ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল এই ভূমিকম্প।
