নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা ৯ ডিচেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা আৰু শিল্প গুৰু বঁটা প্ৰদান কৰি অসাধাৰণ কলাশিল্পীসকলক সন্মান জনাব ।
শুকুৰবাৰে বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ২০২৩ আৰু ২০২৪ বৰ্ষৰ অসাধাৰণ শিল্পকাৰ সকলক এই বঁটা প্ৰদান কৰা হ’ব। প্ৰধান উদ্দেশ্য হৈছে সজাগতা বৃদ্ধি, শিল্পকাৰসকলৰ জীৱিকা শক্তিশালী কৰা আৰু দেশৰ চহকী হস্তশিল্প ঐতিহ্যক স্বীকৃতি দিয়া।
এই অনুষ্ঠানত নিজৰ অনন্য কাৰুকাৰ্য্য আৰু উদ্ভাৱনেৰে দেশৰ কলাত্মক ঐতিহ্যক সমৃদ্ধ কৰা শিল্পকাৰসকলক সন্মান জনোৱা হ’ব।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অন্যান্য শিল্পী উপস্থিত থাকিব।
এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ (৮-১৪ ডিচেম্বৰ)ৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সপ্তাহৰ ভিতৰত সমগ্ৰ দেশতে শিল্পকাৰসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হস্তশিল্পৰ সাংস্কৃতিক তাৎপৰ্য্যক উজ্জ্বল কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।
শতিকা পুৰণি পৰম্পৰাক লালন-পালন কৰা হস্তশিল্প খণ্ডই লাখ লাখ মানুহৰ (বিশেষকৈ গ্ৰাম্য অঞ্চলত) জীৱিকাৰ সহায় কৰে আৰু দেশৰ ৰপ্তানি উপাৰ্জনত যথেষ্ট অৰিহণা যোগায়। বস্ত্ৰ মন্ত্ৰালয়ে দক্ষতা বিকাশ আৰু উন্নত বজাৰ প্ৰৱেশৰ জৰিয়তে শিপিনীসকলক সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
