হায়দৰাবাদ, ৩০ জুন (হি.স.)। সোমবাৰে পুৱা সংগৰেড্ডী জিলাৰ পাছমিলাৰাম ঔদ্যোগিক এলেকাৰ ছিগাচি ৰাসায়নিক উদ্যোগত এক বৃহৎ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ৫ জন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয় আন এজন আহত। নিহত ৬ জনৰ আটাইকেইজনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই।
সংগৰেড্ডীৰ জিলা উপায়ুক্ত প্ৰবীণ্য আৰু এছ পি পৰিতোষে সেই স্থান পৰিদৰ্শন কৰে। তেওঁলোকে বিষয়াসকলক সাহায্যৰ ব্যৱস্থা সন্দৰ্ভত বহু পৰামৰ্শ আগবঢ়ায়। দুৰ্ঘটনাৰ সময়ত ১০০ৰো অধিক শ্ৰমিক শ্বিফটত আছিল। তেওঁ কয় যে এই দুৰ্ঘটনাত আহত লোকসকলক চন্দননগৰ আৰু ইছনাপুৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক। ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন লৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ৰাজ্যিক ৰাজহ, এন ডি আৰ এফৰ দলসমূহে স্থানত উপনীত হৈছে।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে কাৰখানাৰ বাহিৰত শ্রমিকসকলৰ পৰিয়ালৰ লোক সমবেত হয়৷ প্ৰশাসনে ৰাইজক সেই স্থানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। বৰ্তমান সময়ত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে আৰু দুৰ্ঘটনাৰ কাৰণৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে উদ্যোগটোৰ পৰা প্ৰবল দুৰ্গন্ধ আহি আছে। ইয়াৰ বাবেই আশে-পাশে থকা অঞ্চলৰ লোকসকল সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি কাৰখানা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ খালী কৰিবলৈ আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
