আইজল, ০৭ নৱেম্বৰ (হি.স.)। মিজোৰাম বিধানসভাৰ ৪০ খন আসনৰ বাবে আজি মঙলবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি সমাপ্ত হয়। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত ৭৭.৫০ শতাংশ ভোটদান হৈছে। আয়োগৰ তথ্য়মতে, সন্ধিয়া ৫ বজালৈকে ৭৭.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল। ইফালে ৫ বজালৈকে, চেৰচিপত ৮৩.৯৬ শতাংশকৈ সৰ্বাধিক ভোটদান সম্পন্ন হয়। ভোটদান সম্পন্ন হোৱালৈ ভোটদানৰ হাৰ অধিক হোৱাৰ সম্ভাৱনা আছে।
৫ বজালৈ তথ্য অনুসৰি আইজলত ৭৩.০৯ শতাংশ, চম্ফাইত ৭৮.১৫ শতাংশ ,হানথিয়ালত ৮২.৬২ শতাংশ , খোৱাজৱালত ৮২.৩৯ শতাংশ, কোলাশিৱত ৪০.১৩ শতাংশ, লাংটলাইত ৭৮.৭৩ শতাংশ , লুংলেইত ৭৫.৮৬ শতাংশ, মামিতত ৮৩.৪২ শতাংশ , চাইটৱালত ৭৫.১২ শতাংশ, শ্বেৰচিপত ৮৩.৯৬ শতাংশ আৰু চিয়াত ৭৬.৪১ শতাংশ ভোটদান সম্পন্ন হৈছিল।
উল্লেখ্য যে মিজোৰামৰ সকলো ৪০ খন আসনৰ বাবে মুঠ ১৭৪ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মিজোৰাম বিধানসভা নিৰ্বাচনত ৮.৫৭ লাখতকৈও অধিক ভোটাৰে প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব। মিজোৰামৰ ১,২৭৬ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছিল আৰু ৰাজ্যখনত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। এই ভোটগ্ৰহণৰ ফলাফল অহা ৩ ডিছেম্বৰত ওলাব।
হিন্দুস্থান সমাচাৰ/অৰবিন্দ/আলোক/মনোজ
