ভুৱনেশ্বৰ, ০৭ নৱেম্বৰ (হি.স.)। ভাৰতীয় পথ কংগ্ৰেছৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা ভুৱনেশ্বৰৰ জনতা ময়দানত আৰম্ভ হ’ব । এই অধিৱেশন ১০ নৱেম্বৰলৈকে চলি থাকিব।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে যৌথভাৱে উদ্বোধন কৰিব এই সন্মানীয় অনুষ্ঠান।
এই চাৰিদিনীয়া সন্মিলনত পথ অভিযন্তা, নীতি নিৰ্ধাৰক, গৱেষক, উদ্যোগ বিশেষজ্ঞ আৰু শিক্ষাবিদকে ধৰি ভাৰত আৰু বিদেশৰ ৩৫০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই মঞ্চই পথ আৰু ঘাইপথৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সৈতে জড়িত প্ৰত্যাহ্বান আৰু প্ৰযুক্তিগত উন্নতিৰ বিষয়ে আলোচনা কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰিব।
এইবাৰৰ অধিবেশনৰ বিষয়বস্তু হৈছে ‘‘ঘাইপথ প্ৰযুক্তি আৰু নীতিৰ মূল অগ্ৰগতি’’, যাৰ অধীনত ভাৰতৰ পথ আন্তঃগাঁথনিৰ ভৱিষ্যত গঢ় দিয়া উদ্ভাৱনী প্ৰযুক্তি আৰু নীতি সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
