পূৱ চম্পাৰাণ, ১১ ছেপ্টেম্বৰ (হি.স.)। ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত সশস্ত্ৰ সীমা বলৰ ৪৭ নং বেটেলিয়নৰ ভিজিলেন্সে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাৰ পূৰ্বে কাঠমাণ্ডু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ধৰা পৰা ব্যক্তিজন হৈছে নেপালত থাকি চোৰাং সোণৰ সৰবৰাহ কৰা আৰু যোৱা পাঁচ বছৰে কাঠমাণ্ডু কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা মহম্মদ আব্দুল।
তথ্য অনুসৰি যোৱা ৯ ছেপ্টেম্বৰত নেপালত তীব্ৰ গণ আন্দোলনৰ সময়ত কাঠমাণ্ডু কেন্দ্ৰীয় কাৰাগাৰত কাৰাগাৰ ভঙা কাণ্ড সংঘটিত হৈছিল। যাৰ সুযোগ লৈ মহম্মদ আব্দুলে জেলৰ পৰা পলায়ন কৰি নেপালৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু সহদেৱ সীমান্তৰ আউটপোষ্টৰ সমীপৰ ৩৭৮ নং স্তম্ভৰ ওচৰত সজাগ হৈ থকা এছ এছ বি জোৱানসকলৰ হাতত তেওঁ ধৰা পৰে ।
গ্ৰেপ্তাৰৰ পিছত এছ এছ বিয়ে কৰা জেৰাৰ সময়ত মহম্মদ আব্দুলে স্বীকাৰ কৰে যে তেওঁ বিগত কেইবাবছৰ ধৰি নেপালত সোণৰ সৰবৰাহত জড়িত আছিল। জেলৰ পৰা পলায়ন কৰাৰ পিছত তেওঁৰ পৰিকল্পনা আছিল ৰক্সাউল হৈ কলকাতালৈ যোৱাৰ, য’ৰ পৰা তেওঁ বাংলাদেশলৈ উভতি যাব বিচাৰিছিল। কিন্তু এছ এছ বিৰ সজাগতাই তেওঁৰ পৰিকল্পনা বিফল কৰি পেলালে। প্ৰয়োজনীয় জেৰাৰ অন্তত এছ এছ বি ৪৭ নং বেটেলিয়নে মহম্মদ আব্দুলক অধিক আইনী ব্যৱস্থাৰ বাবে স্থানীয় আৰক্ষীক গতাই দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
