
পূৱ চম্পাৰণ, ২১ ছেপ্টেম্বৰ (হি.স.)। আৰক্ষী আৰু সাশাস্ত্ৰ সীমা বাল (এছ এছ বি)ৰ যৌথ অভিযানত বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ঘোৰাছাহান অঞ্চলৰ পৰা ৫জন সন্দেহযুক্ত বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ধৃত বিদেশী নাগৰিকক জেৰা অব্যাহত ৰাখিছে।
নিৰাপত্তাৰক্ষীয়ে আটক কৰা বিদেশী নাগৰিক কেইজন নেপাল হৈ বিহাৰত উপস্থিত হৈছিল। আন্ধাৰত সকলোৱে যাত্ৰীবাহী বাছ এখনত উঠিছিল। গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিকৰ ভিতৰত আছে চাৰিজন চুডানী আৰু এজন বলিভিয়ান। তেওঁলোকৰ পৰা উৰ্দু ভাষাত লিখা টোকা, কিছুমান কিতাপ, নথি-পত্ৰ উদ্ধাৰ কৰা হৈছিল।
নিৰাপত্তা বাহিনীৰ মতে, শনিবাৰে গভীৰ নিশা এছ এছ বিয়ে তথ্য লাভ কৰে যে একাংশ সন্দেহযুক্ত বিদেশী নাগৰিকে পাটনালৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু সীমান্তৰ আগৰৱা গাঁৱৰ পৰা ৰাওনা হৈছে। এছ এছ বিৰ বিষয়াসকলে লগে লগে আৰক্ষীক জনোৱাৰ পিছত এছ এছ বি আৰু আৰক্ষীৰ যৌথ দল ঘোৰাছাহান বাছ ষ্টেণ্ডত উপস্থিত হৈ তালাচী আৰম্ভ কৰে আৰু ব্যক্তিগত বাছত উঠি সকলো বিদেশী নাগৰিকক আটক কৰে।
আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা সংস্থাৰ দলটোৱে সকলো ব্যক্তিক জেৰা কৰি আছে। ধৃত ব্যক্তিকেইজনৰ বয়স ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰত। তেওঁলোকৰ সৈতে পোৱা নথি-পত্ৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে।
ইষ্ট চম্পাৰাণৰ আৰক্ষী অধীক্ষক স্বৰন প্ৰভাতে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজন হৈছে চুডানৰ বাসিন্দা আব্দুল ফিতাহ (৪৪), ৰামা ছিদ্দিকী (৩৮), আলী আব্দুল গাফ্ফাৰ (২৭), আহমেদ ডাফালালা (৩৭), আৰু বলিভিয়াৰ বাসিন্দা মিগেল ছ’লানো চাভেজ।
তেওঁ কয় যে জেৰাৰ সময়ত চুডানৰ নাগৰিকসকলে তাত অধ্যয়ন কৰা বুলি স্বীকাৰ কৰে। কিন্তু তেওঁলোকে নেপাল হৈ বিহাৰলৈ যোৱাৰ সন্দৰ্ভত কোনো স্পষ্ট তথ্য দিব পৰা নাছিল। চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলেও তেওঁলোকক জেৰা কৰিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
