কলকাতা, ২৪ জুলাই (হি.স.)। পশ্চিমবংগৰ তিনিখন জিলাত বিগত ২৪ ঘন্টাত বজ্ৰপাতৰ ঘটনাত ১৩ জন লোকৰ মৃত্যু হয়। সৰ্বাধিক বাংকুৰা জিলাৰ ৭ জন, পূৱ বৰ্ধমানৰ ৫ জন আৰু পশ্চিম মেদিনীপুৰত এজন লোকৰ প্ৰাণহানি হয়।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ এগৰাকী বিষয়াই শুকুৰবাৰে পুৱা জনোৱা মতে, বৃহস্পতিবাৰে বাংকুৰা জিলাৰ খিৰি গাঁৱত (কোতুলপুৰ থানা এলেকা) পথাৰত কাম কৰি থকা জিয়াউল হক মোল্লা নামৰ লোকজনৰ ওপৰত হঠাতে বজ্ৰপাত পৰে। থিতাতে উপস্থিত থকা লোকসকলে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
একেখন জিলাৰ পাত্ৰছায়াৰত ভয়ংকৰভাৱে অগ্নিদগ্ধ হয় যুৱক জীৱন ঘোষ। প্ৰথমে তেওঁক পাত্ৰছায়াৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, তাৰ পিছত বিষ্ণুপুৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ আৰু শেষত বাংকুৰা সন্মিলানী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ওণ্ডা অঞ্চলত বজ্ৰপাতৰ ফলত নাৰায়ণ সাৱাৰ নামৰ এজন ব্যক্তিৰো মৃত্যু হয়। সিন্ধু অঞ্চলত শ্বেখ ইছমাইলৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয়। একে সময়তে জয়পুৰ অঞ্চলতো উত্তম ভূঞাৰো একেধৰণে মৃত্যু হয়।
একেদৰে পূব বৰ্ধমন জিলাৰ মাধবঢ়ী অঞ্চলত ৬০ বছৰীয়া সনাতন পাত্ৰই পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰে। আৰক্ষীয়ে জনোৱা মতে, তেওঁক আলমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আউছগ্ৰাম আৰক্ষী থানা এলেকাৰ ভেদিয়া গাঁৱৰ ২৮ বছৰীয়া সঞ্জয় হেবাৰৰামৰো বজ্ৰপাতৰ ফলত মৃত্যু হয়।
পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোনা অঞ্চলত বজ্ৰপাতৰ ফলত মৃত্যু হয় লক্ষ্মীকান্ত পান (৪২)ৰ।
বতৰ বিজ্ঞান বিভাগে অহা ২৭ জুলাইলৈকে দক্ষিণ বংগৰ জিলাসমূহত ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্য প্ৰশাসনে নাগৰিকসকলক সাৱধান হ’বলৈ আৰু বেয়া বতৰৰ সময়ত মুকলি আকাশৰ তলত ওলাই নাযাবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
