গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শুকুৰবাৰে বিয়লি গুৱাহাটীত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণৰ বাবে খানাপাৰাত উপস্থিত হয়। তেওঁ ১.০৫ বজাত সভাস্থলীত উপস্থিত হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, আবকাৰী মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।
সন্মিলনত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক ডবা আৰু শংখা বজাই পৰম্পৰাগত অসমীয়া আদৰণি জনোৱা হয়। সন্মান আৰু প্ৰশংসাৰ প্ৰতীক হিচাপে হেংডাং (পৰম্পৰাগত তৰোৱাল) আৰু এযোৰ ভোৰতালৰ দ্বাৰাও তেওঁক সম্বৰ্ধনা জনোৱা হয়। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্রদর্শন কৰি ৰাজ্য়ৰ শাসকীয় মিত্ৰ দল চৰকাৰৰ অন্য়তম অংশীদাৰ দল অসম গণ পৰিষদৰ নেতা সকলে তেওঁক জাপি আৰু শৰাই উপহাৰ দিয়ে৷
আদৰণি ভাষণত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত “ভাৰত মাতা কি জয়”, “বন্দে মাতৰম”, “বিজেপি জিন্দাবাদ”, “অগপ জিন্দাবাদ”, “এনডিএ জিন্দাবাদ”, “পিএম মোডী জিন্দাবাদ”, “অমিত শ্বাহ জিন্দাবাদ”, আৰু “হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ” আদি শ্লোগান দিয়ে। সন্মিলনক অসমৰ এন ডি এৰ বাবে এক “ঐতিহাসিক মুহূৰ্ত” বুলি অভিহিত কৰি “পঞ্চায়তৰ পৰা সংসদলৈ” এক ঐক্যবদ্ধ প্ৰচেষ্টাক চিহ্নিত কৰে।
‘এয়া বিজেপিৰ ইতিহাসত এক নতুন পদক্ষেপ। এন ডি এৰ পঞ্চায়ত প্ৰতিনিধিৰ এনে ব্যাপক সমাৱেশৰ আয়োজন ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল।আজি ইয়াত ২১ হাজাৰৰো অধিক নৱনিৰ্বাচিত পঞ্চায়ত সদস্য উপস্থিত আছে। অসমৰ ৰাইজে বিচাৰিছে ২০২৬ চনত আমি বিজেপি আৰু এন ডি এ পুনৰ ক্ষমতালৈ ঘূৰি আহোঁ, আৰু সেই আকাংক্ষা পুৰণ কৰাৰ বাবে দলীয় কৰ্মী সকলে অক্লান্তভাৱে কাম কৰি পূৰণ কৰাটো দায়িত্ব,” শইকীয়াই কয়।
অগপ নেতা তথা আবকাৰী মন্ত্ৰী অতুল বৰাইও কেন্দ্ৰীয় গৃহমন্ত্ৰী সহ সন্মিলনত উপৱিষ্ট বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই সন্মিলনখন আধ্যাত্মিক তাৎপৰ্যপূৰ্ণ সময়ৰ শুভ অসমীয়া ভাদ মাহৰ সৈতে সংগতি ৰাখিছে। ‘কেন্দ্ৰত অমিত শ্বাহৰ কাম-কাজে সমগ্ৰ দেশতে শান্তি আৰু স্থিতিশীলতাৰ অনুভূতি কঢ়িয়াই আনিছে। আমি তেওঁক অসমলৈ উষ্ম আদৰণি জনাইছো।’- বৰাই মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
