
নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। আজি পুৱা দিল্লী-এনচিআৰৰ একাংশ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সন্মুখীন হ’বলগীয়া হয়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিল্লী-এনচিআৰৰ সতৰ্কবাণী হিচাপে পূৰ্বে জাৰি কৰা হালধীয়া সতৰ্কবাণী আজি গোটেই দিনটোৰ বাবে ৰেড এলাৰ্টলৈ সলনি কৰিছে।
ৰাতিপুৱা প্ৰায় ৫ বজাৰ পৰা বৰষুণৰ ফলত কিছু অঞ্চল পানীৰে বুৰ গৈছে। এই মুহূৰ্তত দিল্লী, গাজিয়াবাদ, নয়ডা, গুৰুগ্ৰাম আৰু এন চি আৰৰ বেছিভাগ ঠাইতে বৰষুণ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। গুৰুগ্ৰামৰ বাসাই পথত পানী জমা হোৱাৰ ফলত যাতায়ত ক্ষতিগ্ৰস্ত হৈছে। অহা দুই-তিনি ঘন্টাত কিছু অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰু প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে আই এম ডিয়ে।
আজি পুৱা প্ৰকাশিত বুলেটিনত আইএমডিয়ে কয় যে, “দিল্লী আৰু এনচিআৰৰ বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰু কিছুমান ঠাইত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ’ব পাৰে। আই এম ডিয়ে নিজৰ ৱেবছাইটত প্ৰকাশ কৰা পূৰ্বাভাসত প্ৰবল বৰষুণৰ সতৰ্কবাণী দিছে।
দিল্লী-এনচিআৰৰ উপৰিও আগন্তুক কেইঘণ্টামানৰ ভিতৰত হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ মধ্যপ্ৰদেশ আৰু পশ্চিম উত্তৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিছে আইএমডিয়ে। আইএমডিৰ ১১ আগষ্টৰ প্ৰতিবেদনত কোৱা হৈছে যে বছৰৰ আৰম্ভণিৰ পৰা দিল্লীত ৭০৬ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে। বাৰ্ষিক সাধাৰণ ৭৭৪.৪ মিলিমিটাৰ বৰষুণৰ ৯১ শতাংশতকৈও অধিক।
ইফালে ১৭ আগষ্টলৈকে দিল্লী-এনচিআৰত আইএমডিয়ে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।আইএমডিৰ তথ্য অনুসৰি আজি দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ২৬.২ ডিগ্ৰী চেলছিয়াছ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
