পুঞ্চ, ২২ ডিছেম্বৰ (হি.স.)। সন্ত্ৰাসবাদী আক্ৰমণত পাঁচজন সেনা জোৱান শ্বহীদ হোৱাৰ এদিন পিছতে শুকুৰবাৰে পুৱা নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সমগ্ৰ বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে। এজন বিষয়াই জনোৱা মতে, নিশাৰ অভিযানৰ অন্তত পুৱাৰে পৰা ব্যাপক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ হৈছে। আকাশৰ পৰাও চোৰাংচোৱাগিৰি কৰা হৈছে।
বিষয়াগৰাকীয়ে কয় যে বৃহস্পতিবাৰে বিয়লি সেনাৰ দুখন বাহনত এম্বুছ কৰা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ এই অভিযানত স্নিফাৰ ডগো নিয়োগ কৰা হৈছে। এই অভিযানত অতিৰিক্ত জোৱানক অন্তৰ্ভুক্ত কৰা হৈছে। ডেৰা কি গালি (ডি কে জি) পথ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে। স্থল পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে সেনা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি ৩:৪৫ বজাত সুৰংকোট আৰক্ষী থানা অঞ্চলৰ ডেৰা কি গালি বনাঞ্চলৰ টোপা পিৰ অঞ্চলৰ সমীপত এটা কেকুৰিত সন্ত্ৰাসবাদীয়ে দুখন সেনাবাহিনীৰ বাহনত এম্বুছ কৰে। এই আক্ৰমণত ৫ জন সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে দুজন গুৰুতৰভাৱে আহত হয়।
এই আক্ৰমণত নায়ক বীৰেন্দ্ৰ সিং, নায়ক ড্ৰাইভাৰ কৰণ কুমাৰ, ৰাইফলমেন চন্দন কুমাৰ, ৰাইফলমেন গৌতম কুমাৰকে ধৰি পাঁচজন জোৱান শ্বহীদ হয়। পঞ্চম জোৱানজনৰ চিনাক্তকৰণ হোৱা নাই। এই আক্ৰমণত গুৰুতৰভাৱে আহত দুজন জোৱান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অনুমান কৰা হৈছে যে সন্ত্ৰাসবাদীৰ সংখ্যা আছিল তিনিৰ পৰা চাৰিজন। বিষয়াসকলে জনোৱা মতে, আক্ৰমণৰ পিছত উগ্ৰপন্থীয়ে কমেও দুজন জোৱানৰ মৃতদেহ ক্ষতবিক্ষত কৰে আৰু তাৰে কিছুমানৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায়।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ
