লক্ষ্ণৌ, ০৭ জুলাই (হি.স.)। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙৰ পিতৃ তথা প্ৰাক্তন মন্ত্ৰী আনন্দ সিঙৰ দেওবাৰে গভীৰ নিশা লক্ষ্ণৌত দেহাৱসান ঘটে। আজি (৭ জুলাই) বিয়লি ৩ বজাত গোণ্ডাৰ আৱাস মানকাপুৰ কোটত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হ’ব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই তথ্য দিছে।
তেওঁ লিখিছে, অতি দুখেৰে আপোনালোক সকলোকে জনাব লগা হৈছে যে আজি নিশা মোৰ পিতৃ, সকলোৰে অভিভাৱক (আনন্দ সিং), উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদৰ দেহাৱসান ঘটিছে। পিতৃৰ মৃত্যু মোৰ জীৱনৰ অপূৰণীয় ক্ষতি। আজি বিয়লি ৩ বজাত মোৰ বাসগৃহ মানকাপুৰ কোট, গোণ্ডাত দেউতাৰ শেষ যাত্ৰা সম্পূৰ্ণ হ’ব।”
আনন্দ সিং উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টি চৰকাৰৰ কৃষি মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছ দলত আছিল আৰু চাৰিবাৰ গোণ্ডা সংসদীয় সমষ্টিৰ সাংসদ আছিল। মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱে তেওঁৰ মৃত্যুত শোক প্রকাশ কৰিছে ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটাৰযোগে লিখিছে যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙৰ পিতৃ তথা প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ আনন্দ সিঙৰ মৃত্যু অত্যন্ত দুখজনক। বিনম্ৰ শ্ৰদ্ধাঞ্জলি! ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদেহী আত্মাক তেওঁৰ চৰণকমলত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালটোক এই অপৰিসীম দুখ সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক।
এছ পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে প্ৰাক্তন সাংসদ আনন্দ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে যে ইউ পি চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ গোণ্ডাৰ বাসিন্দা ৰাজা আনন্দ সিঙৰ মৃত্যু অত্যন্ত দুখজনক! ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক। শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
