• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > উত্তৰাখণ্ড ভ্ৰমণলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদা আৰু সাবিত্ৰী ঠাকুৰ
National

উত্তৰাখণ্ড ভ্ৰমণলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদা আৰু সাবিত্ৰী ঠাকুৰ

CliQ INDIA
Last updated: October 17, 2025 9:20 pm
CliQ INDIA
Share
3 Min Read
SHARE
केंद्रीय महिला एवं बाल विकास राज्य मंत्री सावित्री ठाकुर

উত্তৰাখণ্ড এআই ইমপেক্ট ছামিট ২০২৫ত অংশগ্ৰহণ কৰিব জিতিন প্ৰসাদ

ডেৰাডুন, ১৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে উত্তৰাখণ্ড ভ্ৰমণ কৰি আছে। আজি (শুকুৰবাৰ) তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত আয়োজিত উত্তৰাখণ্ড এ আই ইমপেক্ট ছামিট ২০২৫ৰ মুখ্য অতিথি হিচাপে জিতীন প্ৰসাদ আৰু ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাবিত্ৰী ঠাকুৰে।

উত্তৰাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক উদ্ভাৱন, সুশাসন, আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে হিলছ টু হাই-টেক।

এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ। ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়, ইণ্ডিয়া এ আই মিছন, এন আই চি মুখ্য কাৰ্যালয়, আই আই টি ৰুৰকি, আই আই এম কাশীপুৰ, ইউ চি অ’ এছ টি, ইউ পি ই এছ, আৰু ৰাজ্যৰ বিশিষ্ট ষ্টাৰ্টআপৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।

কর্মসূচীৰ আৰম্ভণি ইউকষ্টৰ সঞ্চালক ডা. দুৰ্গেশ পন্তৰ আৰম্ভণিমূলক ভাষণ আৰু ডিজিটেল কুম্ভ বিষয়ক ভাষণৰ সৈতে হ’ব। তাৰ পাছত ভাৰত এ আই মিছনৰ ভিচন সম্পৰ্কে বক্তব্য ৰাখিব ভাৰত এ আই মিছনৰ পৰিচালক মোহাম্মদ ৱাই. ছাফীৰুল্লাই। লগতে এ আই ইন গভৰ্ণেঞ্চ বিষয়ে উত্তৰাখণ্ড চৰকাৰৰ আই টি সচিবৰ প্ৰেজেণ্টেশ্যন হ’ব।

শীৰ্ষ সন্মিলনৰ কাৰিকৰী অধিবেশনত আই আই টি ৰুৰকি, আই আই এম কাশীপুৰ, আৰু অম্নিপ্ৰেজেণ্ট টেকৰ চি ই অ’সকলে এ আই ভিত্তিক উদ্ভাৱন আৰু উদ্যোগীকৰণৰ ওপৰত নিজৰ মতামত ভাগ-বতৰা কৰিব। ইয়াৰ উপৰিও এছটিপিআই আৰু আইআইএম কাশীপুৰ সমৰ্থিত ষ্টাৰ্টআপসমূহে তেওঁলোকৰ উদ্ভাৱনসমূহ উপস্থাপন কৰিব।

এন আই চিৰ এ আই সেৱা সন্দৰ্ভত এক বিশেষ অধিবেশন উপস্থাপন কৰিব এন আই চিৰ মুখ্য কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান শৰ্মিষ্ঠা দাসে। কাৰ্যসূচীৰ আলোকপাত হ’ব ইউপিইএছৰ উপাচাৰ্য অধ্যাপক ৰাম শৰ্মাৰ অধ্যক্ষতাত গ্ল’বেল এআই ট্ৰেণ্ডছ এণ্ড ডেভেলপমেণ্টছ: ইমপেক্ট অন উত্তৰাখণ্ড বিষয়ক পেনেল আলোচনা। আইটিডিএৰ জেনেৰেল মেনেজাৰ (ইমাৰ্জিং টেকন’লজি) ৰাম এছ ইউনিয়ালে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটোৰ সামৰণি মাৰিব।

ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত সাবিত্ৰী ঠাকুৰ

ডেৰাডুনৰ হিমালয় সংস্কৃতি কেন্দ্ৰত আজি অনুষ্ঠিত হ’বলগীয়া অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ। উত্তৰাখণ্ড চৰকাৰৰ মহিলা সৱলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰিয়া আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গণেশ যোশীও উপস্থিত থাকিব এই অনুষ্ঠানত। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, আৰু উত্তৰাখণ্ড চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংগনবাড়ী কৰ্মী আৰু সহায়কসকলেও অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানত মিছন সাক্ষম অংগনবাড়ী আৰু নিউট্ৰিচন ২.০ৰ অধীনত নিউট্ৰিচন চেম্পিয়নসকলক সন্মান জনোৱাৰ লগতে কিশোৰী ছোৱালীক মহালক্ষ্মী কিট বিতৰণ কৰা হ’ব। মিছন শক্তি চেম্পিয়নসকলকো সম্বৰ্ধনা জনোৱা হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আৰএছএছৰ শতবাৰ্ষিকী উদযাপনৰ সময়তে ২১ ডিচেম্বৰত কলকাতা ভ্ৰমণ কৰিব মোহন ভাগৱত
ইতিহাসৰ পাতত ২৯ ডিচেম্বৰ : ১৯৭৫ চনত ব্ৰিটেইনত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা আইন প্ৰণয়ন
আজি সম্ভালত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদী
২০২৫ বিত্তীয় বৰ্ষত বিজেপিয়ে সৰ্বোচ্চ অনুদান লাভ, সকলো দলৰ মুঠ অনুদানক অতিক্ৰম।
পালি আৰু বিকানেৰত বিজেপিৰ দুখন ৰাজহুৱা সভা, এখন ৰোড শ্ব’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালে প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত কাৰ্য্যবিধি আৰম্ভ
Next Article আগন্তুক দিপৱলী উৎসৱ আৰু ৰাসকলৈ ফটোৱাৰ বিৰুদ্ধে নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ এজাহাৰ দাখিল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?