• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ৩ ডিচেম্বৰ: ভূপালৰ ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা গেছ নিৰ্গত, ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু
National

ইতিহাসৰ পাতত ৩ ডিচেম্বৰ: ভূপালৰ ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা গেছ নিৰ্গত, ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু

CliQ INDIA
Last updated: December 2, 2025 2:50 pm
CliQ INDIA
Share
5 Min Read
SHARE

১৯৮৪ চনৰ আজিৰ দিনটোতে ভূপালৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ কীটনাশক কাৰখানাৰ পৰা মিথাইল আইছ’চাইনেট (এমআইচি) নামৰ বিষাক্ত গেছ নিৰ্গত হোৱাত ইতিহাসৰ অন্যতম ভয়াৱহ ঔদ্যোগিক ট্ৰেজেডী সংঘটিত হৈছিল। মাজনিশাৰ পিছত সংঘটিত হোৱা এই গেছ নিৰ্গত ঘটনাই ঘণ্টাৰ ভিতৰতে সমগ্ৰ চহৰখন আতংকৰ মাজত সোমাই পৰে।

চৰকাৰী হিচাপ অনুসৰি কমেও ৩ হাজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক গুৰুতৰভাৱে আহত হৈছে। গেছৰ সংস্পৰ্শলৈ অহাৰ বাবে হাজাৰ হাজাৰ লোকে আজীৱন শাৰীৰিক অক্ষমতা, চকু, হাওঁফাওঁ, স্নায়ুতন্ত্ৰৰ সমস্যাত ভুগিছিল।

দুৰ্যোগৰ লগে লগে চিকিৎসালয়সমূহত হাহাকাৰ অৱস্থাই আৱৰি ধৰিলে আৰু চহৰৰ বৃহৎ অঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰিল। কেইবাদিনো ধৰি চলি থাকিল সাহায্য আৰু উদ্ধাৰ অভিযান। এই ঘটনাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে উদ্যোগিক সুৰক্ষাৰ মানদণ্ড আৰু কৰ্পৰেট দায়বদ্ধতাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছিল। ভূপাল গেছ ট্ৰেজেডীক আজিও মানৱ ইতিহাসৰ অন্যতম কৰুণ ঔদ্যোগিক দুৰ্ঘটনা বুলি গণ্য কৰা হয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৭৯০ – লৰ্ড কৰ্ণৱালিছে মুৰ্ছিদাবাদৰ নবাবৰ পৰা অপৰাধমূলক গোচৰৰ ন্যায়ৰ ক্ষমতা দখল কৰি নিজৰ হাতলৈ আনে আৰু সদৰ নিজামত আদালত কলকাতালৈ স্থানান্তৰ কৰে।

১৭৯৬ – দ্বিতীয় বাজিৰাওক মাৰাঠা সাম্ৰাজ্যৰ পেশ্বৱা হিচাপে নিযুক্তি দিয়া হয়। তেওঁ আছিল মাৰাঠা সাম্ৰাজ্যৰ শেষ পেশ্বৱা।

১৮২৪ – ইংৰাজে মাদ্ৰাজ আৰু মুম্বাইৰ পৰা শক্তিবৰ্ধক বাহিনী আহ্বান কৰি পুনৰ কিত্তুৰ দুৰ্গ ঘেৰাও কৰে।

১৮২৮ – এণ্ড্ৰু জেকচন আমেৰিকাৰ সপ্তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৮২৯ – আজিৰ দিনটোতে ভাইচৰয় লৰ্ড উইলিয়াম বেনটিঙ্কে ভাৰতত সতী প্ৰথা নিষিদ্ধ কৰে।

১৯১০ – ফৰাচী পদাৰ্থবিজ্ঞানী জৰ্জ ক্ল’ডে নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো নিয়ন লেম্প প্ৰথমবাৰৰ বাবে পেৰিছ মটৰ শ্ব’ত প্ৰদৰ্শন কৰা হয়।

১৯১২ – তুৰস্ক, বুলগেৰিয়া, ছাৰ্বিয়া, গ্ৰীচ, মণ্টেনেগ্ৰোৱে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে।

১৯৪৮ – আজিৰ দিনটোতে পূব চীন সাগৰত চীনা শৰণাৰ্থী কঢ়িয়াই অনা কিয়াংগিয়া জাহাজ বিস্ফোৰণত ১১০০ জন লোকৰ মৃত্যু হয়।

১৯৫৯ – ভাৰত আৰু নেপালে গণ্ডক জলসিঞ্চন আৰু শক্তি প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰে।

১৯৬৭ – থুম্বাৰ পৰা ভাৰতৰ প্ৰথম ৰকেট (ৰোহিনী আৰ এইচ ৭৫) উৎক্ষেপণ কৰা হয়।

১৯৬৭ – ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চুকাৰ্ণোক গৃহবন্দী কৰা হয়।

১৯৭১ – আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

১৯৭৫ – লাওছক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।

১৯৮৪ – ভূপালৰ ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কমেও ৩,০০০ লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক শাৰীৰিকভাৱে অক্ষম হৈ পৰে।

১৯৮৯ – ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে শীতল যুদ্ধ শেষ বুলি ঘোষণা কৰে।

১৯৯৪ – টাইৱানত প্ৰথম মুক্ত স্থানীয় নিৰ্বাচন অনুষ্ঠিত হয়।

১৯৯৯ – বিশ্ববিখ্যাত গীটাৰিষ্ট চাৰ্লি লি বাৰ্ডৰ মৃত্যু হয়। চেচেন গেৰিলাই ২৫০ জন ৰাছিয়ান সৈনিকক হত্যা কৰে।

২০০০ – ভিজিট ফক্সক মেক্সিকোৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। টেষ্ট মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই একেৰাহে ১২খন টেষ্ট মেচত জয়লাভ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

২০০১ – আজিৰ দিনটোতে ইজৰাইলৰ গাজা আক্ৰমণত ইয়াছেৰ আৰাফাতৰ হেলিকপ্টাৰ ধ্বংস হয়।

২০০২ – ভাৰতকে ধৰি সাতখন গ্রীষ্মমণ্ডলীয় দেশত জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ বাবে ইউএনইপিয়ে ২৬ মিলিয়ন ডলাৰ মুকলি কৰে।

২০০৪ – পৰ্তুগালৰ উচ্চতম ন্যায়ালয়ত মনিকাৰ আবেদন নাকচ কৰা হয়।

২০০৪ – ইৰাকৰ আৰক্ষী থানাত আক্ৰমণত ৩০ জন লোক নিহত হয়।

২০০৪ – ভাৰত আৰু পাকিস্তানে ৪০ বছৰৰ পাছত মুনাবাও আৰু খোখৰাপাৰৰ মাজত ৰে’ল সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হয়।

২০০৮ – ২৩ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখে পদৰ পৰা পদত্যাগ কৰে।

২০১২ – ফিলিপাইনছত ভূফা আমফানে কমেও ৪৭৫ জন লোকৰ মৃত্যু ঘটায়।

জন্ম

১৮৮২ – নন্দলাল বসু – এজন প্ৰখ্যাত ভাৰতীয় চিত্ৰশিল্পী

১৮৮৪ – আজিৰ দিনটোতে ৰাজেন্দ্ৰ প্ৰসাদ – ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি

১৮৮৮ – আজিৰ দিনটোতে ৰমেশ চন্দ্ৰ মজুমদাৰ – বিখ্যাত ভাৰতীয় ইতিহাসবিদ

১৮৮৯ – আজিৰ দিনটোতে খুদিৰাম বসু – স্বাধীনতা সংগ্ৰামী

১৯১৩ – শিৱনাৰায়ণ শ্ৰীবাস্তৱ – হিন্দী সাহিত্যৰ এজন পণ্ডিত আৰু চিন্তাশীল সাহিত্যিক।

১৯৩৭ – বিনোদ বিহাৰী বৰ্মা – ভাৰতীয় ভাষাবিদ

১৯৫৭ – ৰমাশংকৰ যাদৱ ‘বিদ্ৰোহী’ – জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এজন জনপ্ৰিয় লোককবি।

১৯৭৩ – অৰূপ বাসক – ভাৰতীয় জাতীয় টেবুল টেনিছ দলৰ প্ৰশিক্ষক।

১৯৮২ – মিতালী ৰাজ – টেষ্ট ক্ৰিকেট খেলত দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

১৯০৩ – যশপাল – বিশিষ্ট হিন্দী গল্পকাৰ আৰু প্ৰবন্ধকাৰ।

মৃত্যু

১৯৭১ – লেন্স নাইক এলবাৰ্ট এক্কা, পৰম বীৰ চক্ৰ সজ্জিত ভাৰতীয় সৈনিক।

১৯৭৯ – মেজৰ ধ্যান চান্দ – প্ৰখ্যাত ভাৰতীয় হকী খেলুৱৈ।

১৯৮২ – বিষ্ণু দে – বাংলা সাহিত্যিক জ্ঞানপীঠ বঁটা (১৯৭১) লাভ কৰে।

২০১১ – দেৱ আনন্দ – চলচ্চিত্ৰ অভিনেতা আৰু প্ৰযোজক।

২০২০ – ধৰ্মপাল গুলাতি – ভাৰতৰ আগশাৰীৰ মছলা কোম্পানী এমডিএইতৰ স্বত্বাধিকাৰী।

গুৰুত্বপূৰ্ণ দিন

– ভূপাল গেছ ট্ৰেজেডী দিৱস।

– বিশ্ব অক্ষমতা দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

খৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ বিহাৰৰ ভোটাৰক বৃহৎ সংখ্যক ভোটদানৰ আহ্বান
কল্পতৰু দিৱসত নীতিন নবিনৰ দিল্লীৰ ৰামকৃষ্ণ আশ্ৰমত পূজা অৰ্চনা
ডিমা হাছাওত ভূমিস্খলনত এজন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত ৯ জন
প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ ব্যাপক জয়ক সুশাসন, উন্নয়ন আৰু জনবিশ্বাসৰ জয় বুলি অভিহিত
কংগ্ৰেছৰ জনসচেতনতা অভিযানৰ মাজতে ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে দুদিনীয়া ৰায়েবাৰী ভ্ৰমণ।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article যমুনামুখত নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজ উদ্বোধন মুখ্যমন্ত্ৰীৰ
Next Article শ্ৰীভূমি চহৰৰ তিলকচান্দ ৰোডত মাজনিশা সংঘটিত ভয়াৱহ অগ্নিকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?