১৯৪৮ চনৰ ১৩ ছেপ্টেম্বৰত ভাৰতীয় সেনাই অপাৰেচন প’লো আৰম্ভ কৰে। এই সামৰিক অভিযানৰ লক্ষ্য আছিল হায়দৰাবাদ ৰাজ্য ভাৰতৰ সৈতে একত্ৰিত হোৱাটো নিশ্চিত কৰা। মাত্ৰ চাৰিদিনীয়া এই অভিযানৰ সামৰণি পৰে ১৭ ছেপ্টেম্বৰত। ইয়াৰ লগে লগে নিজামচাহী শাসনৰ অন্ত পৰিল আৰু হায়দৰাবাদ আনুষ্ঠানিকভাৱে ভাৰতীয় সংঘৰ অবিচ্ছেদ্য অংগ হৈ পৰিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৭৯১ – ফ্ৰান্সৰ ৰজা ১৪ নং লুইয়ে নতুন সংবিধান গ্ৰহণ কৰে।
১৮৮২ – এংলো-ইজিপ্ত যুদ্ধ: টেল এল কেবিৰ যুদ্ধ হয়।
১৯১৪ – প্ৰথম বিশ্বযুদ্ধ : জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত আইছনে যুদ্ধ আৰম্ভ হয়।
১৯২২ – পোলেণ্ডৰ সংসদে জিডিনিয়া বন্দৰ নিৰ্মাণ আইন গৃহীত কৰে।
১৯২৩ – স্পেইনত সামৰিক অভ্যুত্থান। মিগেল ডি প্ৰিমো ৰিভেৰাই ক্ষমতা দখল কৰি একনায়কত্ববাদী চৰকাৰ প্ৰতিষ্ঠা কৰে।
১৯৪৭ – প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৪০ লাখ হিন্দু আৰু মুছলমানক পাৰস্পৰিক বদলিৰ পৰামৰ্শ দিয়ে।
১৯৪৮- উপ-প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলে সেনাবাহিনীক হায়দৰাবাদত প্ৰৱেশ কৰি ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সংঘৰ সৈতে একত্ৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।
১৯৬৮ – আলবেনিয়াই ৱাৰ্ছ চুক্তি এৰিলে।
২০০০ – ভাৰতৰ বিশ্বনাথন আনন্দই শ্বেনয়াঙত প্ৰথমবাৰৰ বাবে ফিণ্ডে দবা বিশ্বকাপত জয়লাভ কৰে।
২০০১ – আমেৰিকাই পাকিস্তানৰ ওপৰত ওছামা বিন লাডেনক দখল কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।
২০০২ – ইজৰাইলে পেলেষ্টাইন দখল কৰা গাজা পট্টীত আক্ৰমণ কৰে।
২০০৫ – আমেৰিকাই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ সমৰ্থনৰ বাবে মানদণ্ড ঘোষণা কৰে।
২০০৬ – ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াত আই বি এছ এ (ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা ত্ৰিপাক্ষিক সংস্থা)ৰ প্ৰথমখন শীৰ্ষ সন্মিলন আৰম্ভ হয়।
২০০৭ – ৰাষ্ট্ৰীয় বিমান মহাকাশ প্ৰশাসনৰ (নাছা) বিজ্ঞানীসকলে বৃহস্পতিতকৈ তিনিগুণ ডাঙৰ গ্ৰহ আৱিষ্কাৰ কৰে।
২০০৭ – ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মিখাইল ফেডকোভৰ অনুৰোধ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভা ভংগ কৰে।
২০০৮ – দিল্লীৰ তিনিটা স্থানত ৩০ মিনিটৰ ব্যৱধানত ইটোৰ পিছত সিটোকৈ চাৰিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হয়। এইবোৰত ১৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৯০ জনৰো অধিক।
২০০৯ – কোচিৰ চাৰ্লছ ডায়েছ লোকসভাত এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে মনোনীত হয়।
২০০৯ – ইছৰো-নাছাৰ চন্দ্ৰত বৰফ বিচাৰি উলিওৱাৰ অভিযান ব্যৰ্থ হয়।
২০১৩ – আফগানিস্তানৰ হেৰাট চহৰত থকা আমেৰিকাৰ কনছুলেটত তালিবান সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় য’ত আফগান ৰাষ্ট্ৰীয় আৰক্ষীৰ দুজন জোৱান নিহত হয় আৰু ২০ জন লোক আহত হয়।
জন্ম
১৯৭৮ – ভাৰতী পাৱাৰ – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।
১৯৬৯ – শ্বেন ৱাৰ্ণ – বিখ্যাত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
১৯০৯ – ৰে বাউডেন – ইংলেণ্ডৰ ফুটবল খেলুৱৈ।
১৯১২ – ৰীতা শ্ব’ – আমেৰিকান অভিনেত্ৰী।
১৯৭৩ – মহিমা চৌধুৰী – ভাৰতীয় অভিনেত্ৰী।
১৯৩২ – আজিৰ দিনটোতে প্ৰভা আত্ৰে – বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত গায়িকা।
১৯২৬ – নগেন্দ্ৰ বালা – ভাৰতীয় নাৰী বিপ্লৱী।
১৯৪৬ – মেজৰ ৰামাস্বামী পৰমেশ্বৰন – পৰম বীৰ চক্ৰ ভাৰতীয় সৈনিক হিচাপে সন্মানিত।
১৯৬০ – এন কিৰণ কুমাৰ ৰেড্ডী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ, যি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।
১৯৩৯ – ভাগৱত ৰাৱত – বিখ্যাত কবি আৰু প্ৰবন্ধকাৰ।
১৮৪৫ – হেনৰী কটন – ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি।
মৃত্যু
১৯২৪ – ভূপেন্দ্ৰ নাথ বসু –এজন ভাৰতীয় ৰাজনীতিবিদ আছিল আৰু ১৯১৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।
১৯২৮ – শ্ৰীধৰ পাঠক – ভাৰতৰ বিখ্যাত কবি।
১৯২৯ – যতীন্দ্ৰনাথ দাস – ভাৰতৰ বিখ্যাত বিপ্লৱী।
১৯৪৪ – নূৰ ইনায়ত খান – টিপু চুলতানৰ বংশধৰ ৰাজকুমাৰী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চোৰাংচোৱা আছিল।
১৯৯৭ – অঞ্জন – ভাৰতীয় হিন্দী ছবিৰ বিখ্যাত গীতিকাৰ আৰু কবি।
২০১২ – ৰঙানাথ মিশ্ৰ – ভাৰতৰ প্ৰাক্তন ২১ সংখ্যক মুখ্য ন্যায়াধীশ।
২০২০ – ৰঘুবংশ প্ৰসাদ সিং – বিহাৰৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ থকা ৰাজনীতিবিদ আছিল।
২০২১ – ভবানী ৰায় – প্ৰাক্তন ভাৰতীয় খেলুৱৈ তথা মোহন বাগানৰ কিংবদন্তি ফুটবলাৰ।
গুৰুত্বপূৰ্ণ দিন
-বিশ্ব ভাতৃত্ববোধ আৰু ক্ষমা দিৱস
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
