১৯৬১ চনৰ ১৮ ডিচেম্বৰত ভাৰতীয় সেনাই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি গোৱা, দমন, ডিউক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰে। এই সামৰিক অভিযানৰ নাম ৰখা হৈছিল অপাৰেচন বিজয়। স্বাধীনতাৰ পিছত ১৪ বছৰ ভাৰত আৰু পৰ্তুগালৰ মাজত কূটনৈতিক প্ৰচেষ্টা চলোৱাৰ পিছতো পৰ্তুগালে এই ভূখণ্ডসমূহৰ ওপৰত নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰাখিছিল।
অপাৰেচন বিজয়ৰ উদ্দেশ্য আছিল সীমিত সময়ৰ ভিতৰত সশস্ত্ৰ সংঘাতৰ জৰিয়তে পৰ্তুগীজ শাসনৰ অন্ত পেলোৱা আৰু এই ভূখণ্ডসমূহ ভাৰতৰ সৈতে একত্ৰিত কৰা। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যৌথভাৱে অংশগ্ৰহণ কৰে। অভিযানৰ দ্ৰুত আৰু নিখুঁত কৌশলৰ বাবে পৰ্তুগীজ সৈন্যই অতি সোনকালেই আত্মসমৰ্পণ কৰে। ফলত প্ৰায় ৪৫০ বছৰ ধৰি পৰ্তুগীজসকলে উপনিবেশিকৰণ কৰা এই ভূখণ্ডসমূহ স্বাধীনতাৰ দিশে আগবাঢ়িছিল।
এই বিজয়ে ভাৰতৰ ভূখণ্ডৰ অখণ্ডতা নিশ্চিত কৰাই নহয়, দেশৰ সাৰ্বভৌমত্ব আৰু গৌৰৱো অধিক শক্তিশালী কৰি তুলিলে। অপাৰেচন বিজয়ৰ পিছত গোৱা, দমন আৰু ডিউক ভাৰতীয় সংবিধানৰ অধীনত পূৰ্ণাংগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই দিৱস ভাৰতীয় ইতিহাসত ৰাষ্ট্ৰীয় ঐক্য আৰু সাহসৰ প্ৰতীক হৈ পৰিল। আজিও ১৯ ডিচেম্বৰ তাৰিখটো ‘গোৱা মুক্তি দিৱস’ হিচাপে পালন কৰা হয় আৰু এয়া অপাৰেচন বিজয়ৰ ত্যাগ আৰু সামৰিক শক্তিক স্মৰণ কৰাৰ এক অনুষ্ঠান।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১২৭১- মংগোলীয় শাসক কুবলাই খানে নিজৰ সাম্ৰাজ্যৰ নাম ইউয়ান ৰাখে, যাৰ ফলত মংগোলিয়া আৰু চীনত ইউয়ান বংশৰ আৰম্ভণি হয়।
১৩৯৮ – টাইমৰে চুলতান নুছৰত শ্বাহক পৰাস্ত কৰি দিল্লী দখল কৰে।
১৬৪২ – আজিৰ দিনটোতে সাগৰীয় অভিযাত্ৰী তাছমানে নিউজিলেণ্ডত অৱতৰণ কৰে আৰু নিউজিলেণ্ডৰ কাষৰীয়া সাগৰখনৰ নাম তেওঁৰ নামেৰে তাছমেনিয়ান সাগৰ ৰখা হয়।
১৭৮৭ – নিউ জাৰ্চি আমেৰিকাৰ সংবিধান অনুমোদন কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়।
১৮৩৩ – ৰাছিয়াৰ জাতীয় সংগীত গড চেভ দ্য জাৰ প্ৰথমবাৰৰ বাবে গোৱা হয়।
১৮৬৫ – আমেৰিকাৰ সংবিধানৰ ত্ৰয়োদশ সংশোধনী গ্ৰহণ কৰি দেশত দাসত্ব বিলুপ্ত কৰা হয়।
১৮৭৮ – আল-থানী পৰিয়ালে কাটাৰত শাসন কৰা প্ৰথম পৰিয়াল হিচাপে পৰিগণিত হয়।
১৯৫৬ – জাপানে ৰাষ্ট্ৰসংঘ (UN)ত যোগদান কৰে, ইয়াৰ ৮০তম সদস্য হয়।
১৯৬০ – নতুন দিল্লীত ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰা হয়।
১৯৬১ – ভাৰতীয় সেনাই অপাৰেচন বিজয় নামেৰে গোৱা, দমন, আৰু দিউক পৰ্তুগীজৰ পৰা মুক্ত কৰে।
১৯৬৯ – ইংলেণ্ডত মৃত্যুদণ্ড বিলুপ্ত কৰা হয়।
১৯৭৩ – ইছলামিক ডেভেলপমেণ্ট বেংক প্ৰতিষ্ঠা হয়।
১৯৮৯ – শচীনে পাকিস্তানৰ বিৰুদ্ধে প্ৰথম এদিনীয়া ক্ৰিকেট খেল খেলে।
১৯৯০ – ৰাষ্ট্ৰসংঘই সকলো প্ৰব্ৰজিত শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এখন চুক্তি গ্ৰহণ কৰে, যাৰ ফলত ১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস উদযাপন কৰা হয়।
১৯৯৫ – পশ্চিম বংগৰ পুৰুলিয়াত এখন অচিনাক্ত বিমানে অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল নিক্ষেপ কৰে।
১৯৯৭ – ভাৰত আৰু আমেৰিকাৰ মাজত মহাকাশ গৱেষণাত সহযোগিতাৰ বাবে ৱাশ্বিংটন চুক্তি স্বাক্ষৰিত হয়।
১৯৯৯ – শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকা কুমাৰটুংগাৰ হত্যাৰ চেষ্টাত ২৫ জন নিহত আৰু ১০০ জন আহত হয়।
২০০০ – ফ্ৰান্সৰ প্ৰখ্যাত অভিনেতা জেৰাৰ্ড ব্লেইনৰ মৃত্যু হয়।
২০০২ – হেগৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে মালয়েছিয়াৰ চিপিডান আৰু লিগিটান দ্বীপ নিয়ন্ত্ৰণৰ অধিকাৰ নিশ্চিত কৰে।
২০০৫ – ভূটানৰ ৰজা জিগমে চিংগে ৱাংচুকে ২০০৮ – পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
২০০৫ – কানাডাত গৃহযুদ্ধ আৰম্ভ হয়।
২০০৬ – মালয়েছিয়াত বানপানীৰ ফলত কমেও ১১৮ জন লোকৰ মৃত্যু হয় আৰু ৪ লাখতকৈ অধিক লোক গৃহহীন হৈ পৰে।
২০০৬ – সংযুক্ত আৰব আমিৰশ্বাহীত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়।
২০০৭ – জাপানে এটা ইন্টাৰচেপ্টৰ মিছাইল পৰীক্ষা কৰে।
২০০৮ – ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষা কৰা হয়।
২০১৪ – আটাইতকৈ গধুৰ ৰকেট জি এছ এল ভি মাৰ্ক-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়।
২০১৫ – ব্ৰিটিছ কয়লা খনি কেলিংলি কলিয়াৰী বন্ধ কৰা হয়।
২০১৭ – কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতে ৩০ টা স্বৰ্ণ পদকৰ ভিতৰত ২৯ টা স্বৰ্ণ পদক লাভ কৰে।
২০১৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অভিযোগনামা দাখিল কৰিবলৈ ভোটদান কৰে আমেৰিকাৰ প্ৰতিনিধি সদনে।
জন্ম
১৭৫৬ – আজিৰ দিনটোতে গুৰু ঘাচিদাস – ভাৰতীয় সাধু আৰু ছত্তীশগড়ৰ ধৰ্মীয় পৰম্পৰাৰ বিশিষ্ট ব্যক্তিত্ব।
১৯৭৮ – জোচেফ ষ্টেলিন – ছোভিয়েট নেতা।
১৮৮৭ – আজিৰ দিনটোতে বিখ্যাত ভোজপুৰী লোকশিল্পী ভিখাৰী ঠাকুৰ।
১৯০৯ – ভি ভেংকটছুব্বা ৰেড্ডিয়াৰ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
১৯২৪ – ই. এছ ভেংকটৰমৈয়া-ভাৰতৰ প্ৰাক্তন ১৯ তম মুখ্য ন্যায়াধীশ
১৯৮৭ – ৰাম মোহন নাইডু কিঞ্জৰাপু – অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু
১৯৭১ – পদুমলাল পুন্নালাল বাক্ষী – বিখ্যাত ৰচনাকাৰ।
১৯৮০ – মুকুট বিহাৰী লাল ভাৰ্গৱ – ভাৰতীয় ৰাজনীতিবিদ তথা লোকসভাৰ সদস্য।
১৯৮০ – আলেক্সেই কোছিগিন – ছোভিয়েট ইউনিয়নৰ প্ৰধানমন্ত্ৰী।
২০০১ – অমল কুমাৰ সৰকাৰ – ভাৰতৰ প্ৰাক্তন অষ্টম মুখ্য ন্যায়াধীশ।
২০০৪ – বিজয় হাজাৰে – ভাৰতীয় ক্ৰিকেটাৰ।
২০০৭ – সদানন্দ বাক্ৰে – বিখ্যাত শিল্পী, চিত্ৰশিল্পী, আৰু ভাস্কৰ্য্যশিল্পী।
২০১১ – আদম গণ্ডৱী – ভাৰতীয় কবি।
গুৰুত্বপূৰ্ণ দিন
-ৰাষ্ট্ৰীয় ধাতুবিজ্ঞান দিৱস।
-আন্তঃৰাষ্ট্ৰীয় সংখ্যালঘু অধিকাৰ দিৱস।
-আন্তঃৰাষ্ট্ৰীয় প্ৰৱাসী দিৱস।
हिन्दुस्थान समाचार / অৰৱিন্দ
