নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ চাৰিদিনীয়া (২১-২৪ অক্টোবৰ) কেৰালা ভ্ৰমণ মঙলবাৰৰ পৰা আৰম্ভ হ’ব। আজি সন্ধিয়া তিৰুৱনন্তপুৰমত উপস্থিত হৈ ২২ অক্টোবৰত সবৰীমালা মন্দিৰ পৰিদৰ্শন কৰিব।
ৰাষ্ট্ৰপতি সচিবালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২১ অক্টোবৰৰ সন্ধিয়া ৰাষ্ট্ৰপতি তিৰুৱনন্তপুৰমত উপস্থিত হ’ব আৰু ২২ অক্টোবৰত সবৰীমালা মন্দিৰ পৰিদৰ্শন কৰিব।
২৩ অক্টোবৰত ৰাষ্ট্ৰপতিয়ে তিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পিছতে ভাৰ্কলাৰ শিৱগিৰি মঠত শ্ৰীনাৰায়ণ গুৰুৰ মহাসমাধি শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰিব। একেদিনাই পলাইৰ ছেইণ্ট থমাছ কলেজৰ প্লেটিনাম জয়ন্তী সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
২৪ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে এৰ্নাকুলামৰ ছেইণ্ট টেৰেছা কলেজৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
