গুৱাহাটী, ২৯ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি এক বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিমানে অৱতৰণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই তেওঁক উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে যোৱানিশায়ে শ্বাহে অসমলৈ অহাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে যোৱাকালি তেওঁ উপস্থিত হ’ব পৰা নাছিল আৰু আজি কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
ইফালে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় । উল্লেখ্য যে ঘন কুঁৱলীৰ বাবে বাতিল হৈছিল অমিত শ্বাহৰ দেওবাৰৰ অসম যাত্ৰা। সেয়েহে তেওঁৰ কাৰ্য্যসূচীৰো কিছু সালসলনি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে এতিয়া বৰঝাৰৰ পৰা পোনে পোনে প্ৰথমে নগাঁৱলৈ গৈ বটদ্ৰৱাৰ প্ৰকল্প মুকলি কৰিব । বটদ্ৰৱা প্ৰকল্পত এক মুকলি বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। আবেলিহে তেওঁ গুৱাহাটীত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো। তদুপৰি গুৱাহাটীত তেওঁ মুকলি কৰিব ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰোল চেন্টাৰ । বিয়লিলৈ গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত আছে ৫ হাজাৰ আসনৰ সুবিধা। জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ। আজি আৱেলিলৈ শ্বহীদ স্মাৰকলৈ গৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব গৃহমন্ত্ৰী অমিত শ্বাহ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
