
– পশ্চিমীয়া অংশীদাৰৰ সৈতে এতিয়ালৈকে হোৱা আটাইতকৈ বৃহত০০ চুক্তি, কিন্তু ৰাছিয়াৰ যোগান মূল ভেটি হৈ থাকিব
বুডাপেষ্ট, ১০ ছেপ্টেম্বৰ (হি.স.)। ৰাছিয়াৰ শক্তি যোগানৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হাংগেৰীয়ে ব্ৰিটিছ শক্তি কোম্পানী শ্বেলৰ সৈতে ১০ বছৰীয়া গেছ যোগানৰ নতুন চুক্তি স্বাক্ষৰ কৰিছে। অৱশ্যে হাংগেৰীয়ে এইটোও স্পষ্ট কৰি দিছে যে এই পদক্ষেপ ৰাছিয়াৰ পৰা নিজকে আঁতৰাই ৰখা বা ৰাছিয়াৰ গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা নহয়।
মিলানত অনুষ্ঠিত গেছ সন্মিলনৰ সময়ত হাংগেৰীৰ বৈদেশিক মন্ত্ৰী পিটাৰ ছিজাৰ্ট’ই কয় যে পশ্চিমীয়া অংশীদাৰৰ সৈতে এইটোৱেই এতিয়ালৈকে হোৱা আটাইতকৈ দীৰ্ঘম্যাদী আৰু সৰ্বাধিক পৰিমাণৰ চুক্তি। এই চুক্তিৰ অধীনত ২০২৬ চনৰ পৰা হাংগেৰীক ১০ বছৰৰ বাবে মুঠ দুই বিলিয়ন ঘনমিটাৰ গেছ যোগান ধৰা হ’ব।
ইয়াৰ পূৰ্বে ইতিমধ্যে ২০২১ চনৰ পৰা ২০২৭ চনলৈ বছৰি ২৫ কোটি ঘনমিটাৰ গেছ যোগান ধৰাৰ বাবে শ্বেলৰ সৈতে চুক্তিবদ্ধ হৈছিল।
ছিজ্জাৰ্ট’ই কয় যে এই নতুন যোগানে ৰাছিয়াৰ পৰা আমদানি কৰা গেছৰ ঠাই ল’ব নোৱাৰে। তেওঁৰ মতে, আমাৰ বাবে বৈচিত্ৰ্যৰ অৰ্থ বৰ্তমানৰ উৎস আৰু পথ পৰিত্যাগ কৰা নহয়, বৰঞ্চ নতুন উৎস আৰু পথ যোগ কৰা।
ইতিমধ্যে হাংগেৰীয়ে ৰাছিয়াৰ গেজপ্ৰম কোম্পানীটোৰ সৈতে ১৫ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে, যাৰ অধীনত ২০৩৬ চনলৈকে বছৰি ৪.৫ বিলিয়ন ঘনমিটাৰ গেছৰ যোগান নিশ্চিত কৰা হৈছে। শেহতীয়া বছৰবোৰত এই চুক্তিৰ পৰিপূৰক হিচাপে অতিৰিক্ত যোগান চুক্তিও কৰা হৈছে।
হাংগেৰীৰ গেছ যোগানৰ অধিকাংশই ৰাছিয়াৰ পৰা টাৰ্কষ্ট্ৰিম পাইপলাইন আৰু বুলগেৰিয়া আৰু ছাৰ্বিয়াৰ মাজেৰে বাল্কন ষ্ট্ৰিম সম্প্ৰসাৰণ প্ৰকল্পৰ জৰিয়তে আহে। এই কাৰণেই হাংগেৰীয়ে ইউৰোপীয় সংঘৰ পৰিকল্পনাৰ বিৰোধিতা কৰি আহিছে, য’ত ৰাছিয়াৰ জীৱাশ্ম ইন্ধন আমদানি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।
हिन्दुस्थान समाचार
