বাৰ্ন, ২০ আগষ্ট (হি.স.)। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি আলোচনা আয়োজন কৰিবলৈ সাজু বুলি ইংগিত দিছে ছুইজাৰলেণ্ডে। মঙলবাৰে বাৰ্নত অনুষ্ঠিত কূটনৈতিক সন্মিলনত চুইজাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰী ইগনাজিঅ’ কেছিছে কয় যে যদিহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই আলোচনাত অংশগ্ৰহণ কৰে তেন্তে ছুইজাৰলেণ্ডে ইয়াৰ বাবে বিশেষ ব্যৱস্থা কৰিব।
চুইজাৰলেণ্ডৰ সম্প্ৰচাৰক এছ আৰ এফক কেছিছে কয় যে, আমি ইয়াৰ বাবে সাজু আৰু আমাৰ প্ৰতি দেখুওৱা আস্থাৰ বাবে কৃতজ্ঞ। আমি সদায় আমাৰ প্ৰস্তুতি প্ৰকাশ কৰি আহিছো, কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰিব বৃহৎ শক্তিসমূহৰ ইচ্ছাৰ ওপৰত।
চুইজাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পুটিনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালত (আইচিচি)ৰ ৱাৰেণ্টৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আইনী পৰিস্থিতি পুনৰীক্ষণ কৰিছে। তেওঁ কয়, আমি এনে এখন বৈঠক কেনেকৈ মসৃণভাৱে আয়োজন কৰিব পাৰি জানো। আমাৰ বিশেষ ভূমিকা আৰু জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ বাবে আমি এই কাম কৰিব পাৰো।
চুইছ বৈদেশিক মন্ত্ৰালয়ে ৰাছিয়াৰ সংবাদ সংস্থা আৰ আই এ নভোষ্টিক জনোৱা মতে, সকলো পক্ষই ইচ্ছা আৰু প্ৰয়োজন হ’লে আতিথ্য বা মধ্যস্থতাকাৰীৰ ভূমিকা পালনকে ধৰি নিজৰ সেৱা আগবঢ়াবলৈ চুইজাৰলেণ্ড সাজু।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
