গাজাপট্টী, ০৩ ডিছেম্বৰ (হি.স.)। গাজাপট্টীত ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ মাজতে আঠ দিনীয়া যুদ্ধবিৰতিৰ পিছত ২ ডিচেম্বৰৰ পৰা পুনৰ তীব্ৰতৰ হৈছে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ। যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে প্ৰায় ৪০০ স্থানত ৰকেট আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি হামাছৰ স্থান ধ্বংস কৰিছে। ইয়াৰ মাজতে ইজৰাইলৰ বাহিনীয়ে হামাছৰ শীৰ্ষ সেনাধ্যক্ষ উইছাম ফৰহাটক ধৰাশায়ী কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে যে গাজাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ৰকেট নিক্ষেপ কৰিছে। সেনাই এই সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিছে। দ্য জেৰুজালেম পোষ্ট কাকতৰ মতে, শুকুৰবাৰৰ পৰা আইডিএফে গাজা ষ্ট্ৰিপৰ ৪০০ৰো অধিক হামাছৰ স্থানত বিমান আক্ৰমণ চলাইছে। ইয়াৰ উপৰিও সেনা আৰু নৌসেনাও সন্মুখত আছে।
ইজৰাইলৰ আগশাৰীৰ বাতৰি কাকত দ্য টাইমছ অৱ ইজৰাইলৰ মতে, সীমান্তৱৰ্তী চহৰ আচকলন (গাজা)ত পুৱাৰে পৰা ৰকেট আক্ৰমণৰ ছাইৰেন বাজি আছে। ইজৰাইল সেনাই নিশাৰ ভিতৰতে গাজাত আক্ৰমণ চলায়। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে শনিবাৰে সূৰ্যাস্তৰ সময়ত আক্ৰমণ চলাই হামাছৰ কমাণ্ডাৰ উইছাম ফৰহাটক হত্যা কৰে। সাধাৰণ নাগৰিক আৰু জোৱান উভয়ৰে বিৰুদ্ধে মাৰাত্মক আক্ৰমণৰ বাবে ফৰহাট দায়ী আছিল।
আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে নিশ্চিত কৰিছে যে হামাছৰ শ্বেজাইয়া বেটেলিয়নৰ অধিনায়ক উইছাম ফৰহাট এই আক্ৰমণত নিহত হৈছে। ২০১৪ চনৰ যুদ্ধৰ সময়ত গাজা চহৰৰ শ্বেজাইয়া চুবুৰীত গোলানী সৈন্যৰ ওপৰত আক্ৰমণৰ বাবে ফাৰহাট দায়ী আছিল। এই ঘটনাত ৭ জন জোৱান নিহত হৈছিল। ৭ অক্টোবৰৰ আক্ৰমণৰ পৰিকল্পনাতো জড়িত আছিল ফাৰহাট।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
