ইছলামাবাদ, ৩০ জুলাই (হি.স.)। পাকিস্তানৰ বেলুচিস্তানত স্বাধীনতাৰ বাবে যুঁজি থকা বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে মেজৰ পদৰ তিনিজন বিষয়াক হত্যা কৰাৰ দাবী কৰিছে। একে সময়তে খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বাজাউৰ জিলাত আৰম্ভ কৰা সেনাৰ অপাৰেচন সৰবকাফৰ অধীনত কমেও চাৰিটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। বজাউৰ জিলাত তিনিদিনীয়া সান্ধ্য আইন জাৰি কৰি এই অভিযান আৰম্ভ কৰা হৈছে। আজি সান্ধ্য আইনৰ দ্বিতীয় দিন।
দ্য বেলুচিস্তান পোষ্টৰ দ্য বেলুচি ভাষাৰ বাতৰি সেৱাৰ বাতৰি অনুসৰি বিএলএফৰ আক্ৰমণত পাকিস্তান সেনাৰ মেজৰ পদৰ তিনিজন বিষয়া নিহত হয়। ঝাও অঞ্চলত পথ অৱৰোধ কৰি বি এল এফে চলোৱা আক্ৰমণত নিহত হয় মেজৰ চৈয়দ ৰবনাৱাজ তাৰিক আৱৰণ। ইয়াৰ উপৰিও শালৰ জবাল নূৰৰ সমীপত বি এল এৰ এছটিওএছ স্কোয়াডৰ বোমা আক্ৰমণত মেজৰ আনোৱাৰ কাকাৰ নিহত হয়। পাহাৰীয়া অঞ্চল মাষ্টুঙত বেলুচ লিবাৰেচন আৰ্মীৰ যোদ্ধা আৰু পাকিস্তানৰ জোৱানৰ মাজত সংঘৰ্ষত মেজৰ চেলিমকে ধৰি কেইবাজনো বিষয়া নিহত হয়। স্বাধীনতাৰ বাবে যুঁজি থকা সশস্ত্ৰ সংগঠনে বেলুচিস্তানৰ ইৰাণ আৰু ইৰাকলৈ যোৱা স্থলপথত তীৰ্থযাত্ৰীক নিষিদ্ধ কৰিছে।
ডন কাকতৰ খবৰ অনুসৰি খাইবাৰ পখতুনখোৱা জিলাৰ বাজাউৰ লোভি মামুণ্ড তহচিল অঞ্চলত মঙলবাৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে গানশ্বিপ হেলিকপ্টাৰ আৰু আৰ্টিলাৰীৰ সহায়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন সৰবকাফ আৰম্ভ কৰিছে। ইয়াৰ বাবে বজাউৰ জিলাৰ ১৬টা অঞ্চলত হঠাৎ তিনিদিনীয়া সান্ধ্য আইন জাৰি কৰা হৈছে। পাকিস্তান সেনাৰ নিৰ্দেশত বাজাউৰ জিলাৰ উপ আয়ুক্তই ২৯ জুলাইৰ পুৱা ৫ বজাৰ পৰা ৩১ জুলাইৰ সন্ধিয়া ৫ বজালৈ সান্ধ্য আইন ঘোষণা কৰে।
ড’নে সূত্ৰৰ উদ্ধৃতিৰে জনোৱা মতে, এই সময়ছোৱাত নিৰাপত্তা বাহিনীয়ে লভি মামুণ্ড তহচিলৰ বিভিন্ন অঞ্চলত কমেও চাৰিজন সন্ত্ৰাসবাদীক হত্যা কৰে। নিৰাপত্তাৰক্ষীৰ এই কাৰ্যত আন প্ৰায় ১২ জন আহত হোৱাৰ লগতে প্ৰায় ১০ জন জীৱিত অৱস্থাত ধৰা পৰে। অৱশ্যে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে।
স্থানীয় নাগৰিকে দাবী কৰা মতে, নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত বিভিন্ন অঞ্চলত এটা শিশুসহ দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়। আহতসকলৰ ভিতৰত আছে দুটা শিশু আৰু এগৰাকী মহিলা। লভি মামুণ্ড তহচিলৰ বাসিন্দাসকলে জনোৱা মতে, সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ সন্দেহত নিৰাপত্তা বাহিনীয়েও কিছুমান ঘৰক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে সাংসদ ড০ হামিদুৰ ৰহমান, সাংসদ আনোৱাৰ জেব খান, সাংসদ মহম্মদ নিছাৰ খান, প্ৰাক্তন সাংসদ গুল জাফৰ খান আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ সহকাৰী সাংসদ মুবাৰক জেব খানে অঞ্চলটোত সামৰিক কাৰ্যকলাপ আৰু সান্ধ্য আইন জাৰি কৰাক গৰিহণা দিয়ে। সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ লগতে সামৰিক অভিযান বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ড০ হামিদুৰ ৰহমানে কয় যে সামৰিক কার্য বন্ধ নকৰিলে জনসাধাৰণৰ সৈতে প্রতিবাদ কৰিব ৷ জামাত ইছলামীৰ নেতা তথা প্রাক্তন চিনেটৰ মুস্তাক আহমেদ খানে শীঘ্রে সামৰিক অভিযান বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
