ঢাকা, ২৬ ডিছেম্বৰ (হি.স.)। বাংলাদেশৰ খুলনাৰ দীঘলীয়া মহকুমাত অৱস্থিত জামান পাট মিলত সোমবাৰে নিশা প্ৰায় ১০.৪৫ বজাত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ ফলত নগৰঘাট অঞ্চলত আলোড়নৰ সৃষ্টি হয়। তথ্যৰ ভিত্তিত আহি উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ ৮খন বাহন। প্ৰায় ডেৰ ঘণ্টা সময় লাগিছিল জুই নিৰ্বাপন কৰিবলৈ।
খুলনা অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষাৰ সহকাৰী সঞ্চালক ফাৰুক হোছেইন শিকদাৰে এই কথা নিশ্চিত কৰিছে বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে। শিকদাৰে কৈছে যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মিলটোত নিৰ্মিত কিছু সামগ্ৰী আৰু কেঁচা পাট ৰখা কোঠাটোত অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ শিখা দেখি শ্ৰমিকসকল খৰধৰকৈ মিলৰ পৰা ওলাই আহিল। এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
