ইছলামাবাদ, ১১ জুলাই (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ঝোব আৰু ল’ৰালাই জিলাৰ সীমান্তৰ সূৰ-ডাকাই অঞ্চলত বৃহস্পতিবাৰে নিশা পঞ্জাৱ অভিমুখী দুখন বাছত যাত্ৰা কৰা কমেও ৯ জন যাত্ৰীক অপহৰণ কৰি গুলীয়াই হত্যা কৰে সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে। ঘটনাৰ কিছু সময়ৰ পিছতে নিষিদ্ধ সংগঠন বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে।
ডন কাকতৰ খবৰ অনুসৰি ঝোবৰ সহকাৰী আয়ুক্ত নবীদ আলমে কয় যে দুখন বাছৰ পৰা অপহৰণ কৰা ৯ জন লোকৰ মৃত্যু হৈছে। উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ। পঞ্জাৱৰ জন্ম চহৰলৈ প্ৰেৰণৰ বাবে ৰাখনীলৈ লৈ যোৱা হৈছে মৃতদেহসমূহ। বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিন্দে এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে সন্ত্ৰাসবাদী সংগঠনটোৱে তিনিটা কাকত, মাষ্টুং আৰু সুৰ-ডাকাই আক্ৰমণ কৰিছে। সুৰ-ডাকাই অঞ্চলত একাংশ যাত্ৰীক অপহৰণ কৰা হৈছে। বাকী থকা অপহৃত যাত্ৰীসকলক নিৰাপদে উদ্ধাৰৰ বাবে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।
খবৰ অনুসৰি এন-৭০ ঘাইপথৰ সমীপৰ সুৰ-ডাকাই অঞ্চলত পঞ্জাৱলৈ যোৱা দুখন বাছ পথ অৱৰোধ কৰি ৰখাই দিয়া হয়। ইয়াৰ পিছত এইসকল অস্ত্ৰধাৰী লোকে বাছত উঠিল। যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰে। ইয়াৰে ১০ জনক বন্দুক দেখুৱাই বাছৰ পৰা নমাই দিয়া হয়। এজন বাছ যাত্ৰীয়ে জনোৱা মতে কিছু সময়ৰ পাছত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে সমগ্ৰ ঘাইপথ অৱৰোধ কৰি সন্ত্ৰাসবাদীক বিচাৰিবলৈ আৰম্ভ কৰিছে।
এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টে। সংগঠনটোৰ মুখপাত্ৰই জনোৱা মতে, মুছাখাইল-মাখতাৰ আৰু খাজুৰিৰ মাজৰ ঘাইপথ অৱৰোধ কৰি যোদ্ধাসকলে ৯ জন লোকক হত্যা কৰে।
জিঅ’ নিউজ চেনেলৰ খবৰ অনুসৰি মুখ্যমন্ত্ৰী মিৰ সৰফৰাজ বুগটিয়ে যাত্ৰীসকলৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছে। বুগটিয়ে কয় যে আক্ৰমণকাৰীয়ে ইচ্ছাকৃতভাৱে নিৰীহ সাধাৰণ নাগৰিকক তেওঁলোকৰ পৰিচয়ৰ ভিত্তিত লক্ষ্য কৰি লৈছিল। বুগটিয়ে কয় যে সন্ত্ৰাসবাদীয়ে পুনৰবাৰ নিজৰ কাপুৰুষ আৰু পশুসুলভ স্বভাৱ দেখুৱাইছে।
তেওঁ কয় যে যাত্ৰীবাহী বাছৰ সুৰক্ষাৰ বাবে চৰকাৰে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজ (এছ অ’ পি) ৰূপায়ণ কৰিছে আৰু এন-৭০ত নৈশ যাতায়ত নিষিদ্ধ কৰা হৈছে। অৱশ্যে সকলো মানক অপাৰেটিং পদ্ধতি অনুসৰণ কৰি সন্ধিয়া এন-৭০ পথৰ পৰা এখন বাছ ৰাওনা হয়। নিৰাপত্তা ব্যৱস্থাৰ কোনবোৰ ত্ৰুটিৰ বাবে এই ঘটনা সংঘটিত হৈছিল তদন্ত কৰি আছে চৰকাৰে। ইয়াৰ পূৰ্বে সাধাৰণ সন্ত্ৰাসবাদী ভাবুকি পোৱা বুলি তেওঁ নিশ্চিত কৰে। ইয়াৰ পিছতে কলট আৰু মস্তুঙত নিৰাপত্তা বৃদ্ধি কৰা হয়। এদিন পূৰ্বে যাত্ৰীবাহী ৰে’লৰ চলাচল নিষিদ্ধ কৰা হৈছিল। এই ঘটনা সংঘটিত হোৱা অঞ্চলটোত কোনো ধৰণৰ ভাবুকি নাছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
