কাঠমাণ্ডু, ১৩ জুলাই (হি স)। কাঠমাণ্ডুৰ পৰা দিল্লীলৈ উৰা মাৰিবলৈ সাজু হোৱা নেপাল এয়াৰলাইন্সৰ বিমান এখনত দুজন সন্দেহজনক যাত্ৰীৰ খবৰ পোৱাৰ পিছতে ৰাণৱেৰ পৰা ওভতাই অনা হয়।
দেওবাৰে বিয়লি নেপাল এয়াৰলাইন্সৰ বিমান নম্বৰ আৰ এ ২১৭ কাঠমাণ্ডুৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উৰা মাৰিবলৈ সাজু হৈছিল। এই এয়াৰবাছ ৱাইড বডি বিমানখনে বিয়লি ১৩২০ বজাত নিৰ্ধাৰিত সময়ত দিল্লীলৈ উৰা মাৰিবলৈ সাজু হৈছিল।
বিমানখনত থকা যাত্ৰীসকলে জনোৱা মতে, এই নেপাল এয়াৰলাইন্সৰ বিমানখন ৰাণৱেৰ পৰা উৰা মাৰিবলৈ ওলোৱাৰ সময়তে পাইলটে নিৰাপত্তাজনিত কাৰণত বিমানখন পুনৰ টাৰ্মিনেললৈ নিবলৈ ওলোৱাৰ বিষয়ে অৱগত কৰে। এই বিমানখনত থকা যাত্ৰী ডাঃ মনোজ মান শ্ৰেষ্ঠই কয় যে বিমানখন পাৰ্কিং ৱে’ত আহি পোৱাৰ পিছত বিমান সংস্থা, ইমিগ্ৰেচন আৰু নিৰাপত্তাৰক্ষীৰ এটা দলে বিমানখনত উঠি সকলোকে নিজৰ নিজৰ ঠাইত বহি থাকিবলৈ আৰু সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে।
নিৰাপত্তাৰক্ষীয়ে প্ৰতিজন যাত্ৰীক পৰীক্ষা কৰি বিমানখনত উপস্থিত থকা যাত্ৰী দুজনক লগত আহিবলৈ কয়। বিমানবন্দৰৰ জেনেৰেল মেনেজাৰ হংস ৰাজ পাণ্ডেয়ে জনোৱা মতে, দিল্লী অভিমুখী বিমানখনত দুজন সন্দেহজনক যাত্ৰী থকাৰ তথ্য পোৱাৰ পিছতে ৰাণৱেৰ পৰা বিমানখন ঘূৰাই অনা হয়। জেনেৰেল মেনেজাৰ পাণ্ডেৰ মতে, এই দুয়োজন যাত্ৰীক সাজিদ আনছাৰী আৰু আজাদ ভাট বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে পৰিচয় পত্ৰ সন্দেহজনক বুলি নিৰাপত্তা বাহিনীয়ে দাবী কৰিছে।
বিমানখনত সন্দেহজনক যাত্ৰীসকলৰ তথ্যৰ পিছত আটাইকেইজন যাত্ৰীক নমাই আনি সমগ্ৰ বিমানখন পৰীক্ষা কৰা হয়। এই নেপাল এয়াৰলাইন্সৰ বিমানখনৰ পাইলট কেপ্তেইন সঞ্জীৱ পৌডেলে কয় যে সমগ্ৰ বিমানখন পুনৰ পৰীক্ষা কৰাৰ পিছতহে বিমানখনক তিনি ঘণ্টা পলম কৰি দিল্লীলৈ উৰা মাৰিবলৈ দিয়া হৈছিল।
ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তা বাহিনী আৰু প্ৰৱজন বিষয়াই পৃথকে পৃথকে বিমানখনৰ পৰা নমাই অনা যাত্ৰী দুজনক জেৰা কৰে। আবেলি ভাগত গৌশালা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দুয়োকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
