টেল আভিভ/জেৰুজালেম, ০৮ নৱেম্বৰ (হি.স.)। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ অস্ত্ৰ আৰু উদ্যোগ বিভাগৰ মুৰব্বী মহছান আবু-জিনা বুধবাৰে গাজাপট্টীত যুদ্ধৰ ৩৩ সংখ্যক দিনত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণত মহছান আবু-জিনা আৰু হামাছৰ অন্যান্য জ্যেষ্ঠ সেনাধ্যক্ষও নিহত হৈছে।
ইজৰাইল প্ৰতিৰক্ষা বাহিনী(আইডিএফ)য়ে ৰকেট আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ডজন ডজন হামাছৰ সুৰংগ বিস্ফোৰণ কৰে। ইফালে, আজি আইডিএফে উত্তৰ গাজাৰ সাধাৰণ নাগৰিকৰ বাবে দক্ষিণলৈ যোৱাৰ বাবে ছালাহ আল-দিন ষ্ট্ৰীটত আন এটা খালী কৰিড’ৰ মুকলি কৰে। খবৰ অনুসৰি এই কৰিড’ৰটো পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ খোলা আছিল। বৰ্তমান হামাছৰ বিৰুদ্ধে আইডিএফৰ অভিযান অব্যাহত আছে। আইডিএফৰ চোৰাংচোৱাই হামাছৰ সন্ত্ৰাসবাদীক চিনাক্তকৰণ অব্যাহত ৰাখিছে। আন এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাজাপট্টীত হামাছে ২৪০ জন নিৰীহ সাধাৰণ নাগৰিকক অপহৰণ কৰিছে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে লেবাননৰ হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠনক সকীয়াই দিছে। নেতান্যাহুৱে কয় যে যদি হিজবুল্লাই নতুন ফ্ৰণ্ট মুকলি কৰে তেন্তে সেয়া হ’ব তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। ইয়াৰ বাবে তেওঁ ভয়াৱহ পৰিণতি ভোগ কৰিব লাগিব। প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে কয় যে আইডিএফে হামাছক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
