ৱাশ্বিংটন, ২৯ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ আগশাৰীৰ উদ্যোগপতি তথা বাৰ্কশ্বাৰ হাথাৱেৰ ভাইচ চেয়াৰমেন চাৰ্লছ টি মুংগাৰৰ ৯৯ বছৰ বয়সত মৃত্যু হয়। মঙলবাৰে নিশা কেলিফৰ্ণিয়াৰ বাৰ্বাৰা চান্টাত তেওঁ শেষ উশাহ লয়। বাৰ্কশ্বাৰ হাথাৱেৰ প্ৰতিষ্ঠাপক ৱাৰেন ই বাফেটৰ প্ৰধান অংশীদাৰ হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে।
আমেৰিকাৰ আগশাৰীৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে, বাৰ্কশ্বাৰ হাথৱেই চাৰ্লছ টি মুংগাৰৰ মৃত্যুৰ কথা এক বিবৃতিত ঘোষণা কৰিছে। কাকতখনৰ মতে, মুংগাৰে নিজৰ আইনজীৱী কেৰিয়াৰ এৰি এই কোম্পানীটোৰ বাবে দিনে-নিশাই কাম কৰি নিউ ইংলেণ্ড টেক্সটাইল কোম্পানীক দৰ্শনীয়ভাৱে সফল বিনিয়োগ সংস্থা বাৰ্কশ্বাৰ হাথাৱেলৈ ৰূপান্তৰিত কৰে। লছ এঞ্জেলছতো তেওঁৰ এটা ঘৰ আছিল।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, বাৰ্কশ্বাৰৰ ভাইচ চেয়াৰমেন তথা কোটিপতি মুংগাৰক বাৰ্কশ্বাৰ হাথাৱেৰ বিনিয়োগৰ পদ্ধতিৰ উৎপত্তিকাৰী বুলি গণ্য কৰা হয়। ৫০ বছৰতকৈও অধিক সময় ধৰি চলি থকা এই অংশীদাৰিত্বই ইতিহাসৰ অন্যতম সফল আৰু বৃহৎ সংঘবদ্ধ সংস্থাৰ সৃষ্টি কৰা বুলি কোৱা হয়। ফৰ্বছৰ তথ্য অনুসৰি বিশ্বৰ ধনী লোকৰ তালিকাত চাৰ্লিয়ে ১৮২ নম্বৰ স্থান লাভ কৰিছিল। তেওঁৰ সম্পত্তি আছিল ২.৬ বিলিয়ন ডলাৰ। ২০২২ চনলৈকে ইয়াৰ প্ৰায় ৩ লাখ ৭২ হাজাৰ কৰ্মচাৰী আছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
