এডিনবাৰ্গ (স্কটলেণ্ড), ২৮ জুলাই (হি.স.)। আমেৰিকা আৰু ইউৰোপীয় সংঘই বিশ্ব অৰ্থনীতিক স্তম্ভিত কৰি তুলিব পৰা সম্ভাৱ্য বাণিজ্য যুদ্ধ ৰোধ কৰি “ব্যাপক” শুল্ক চুক্তিত উপনীত হৈছে। স্কটলেণ্ডৰ ট্ৰাম্পৰ গ’ল্ফ খেলপথাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউৰোপীয় আয়োগৰ মুৰব্বী উৰ্চুলা ভন ডাৰ লেয়েনৰ মাজত হোৱা চমু বৈঠকৰ পিছত এই চুক্তি কৰা হৈছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে এই আলোচনাক অতি আকৰ্ষণীয় বুলি অভিহিত কৰি কয় যে, “মই ভাবো যে ই দুয়োপক্ষৰ বাবে অতি উত্তম হ’ব।” নিজৰ ফালৰ পৰা ভন ডেৰ লেয়েনে ইয়াক “এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ চুক্তি” বুলি অভিহিত কৰি ট্ৰাম্পক “কঠোৰ কিন্তু ন্যায্য আলোচনাপন্থী” বুলি অভিহিত কৰে।
ইউৰোপীয় সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ সময়সীমা হিচাপে হোয়াইট হাউছে ১ আগষ্ট নিৰ্ধাৰণ কৰিছিল। যদিহে আলোচনা বিফল হয় তেন্তে ইউৰোপীয় ইউনিয়নেও আমেৰিকাৰ শ শ সামগ্ৰী যেনে গো-মাংস, অটো পাৰ্টছ, বিয়েৰ আৰু বয়িং বিমানৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিবলৈ সাজু আছিল।
ট্ৰাম্পে দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ বাবে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ হুংকাৰ দি আহিছে। তেওঁ ইউৰোপৰ সৈতে বাণিজ্যক “আমেৰিকাৰ প্ৰতি একপক্ষীয় আৰু অন্যায়” বুলি অভিহিত কৰে।
আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিক নিশ্চিত কৰে যে যদি কোনো চুক্তি নহ’লহেঁতেন তেন্তে নিশ্চিতভাৱে ০১ আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ’লহেঁতেন। অৱশ্যে তেওঁ লগতে কয় যে, মানুহে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে এতিয়াও কথা পাতিব পাৰে। তেওঁ সদায় শুনিবলৈ ইচ্ছুক।
উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে হোৱা বৈঠকত ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ বাণিজ্য আলোচনাপন্থী মাৰ’ছ শ্বেফকোভিচ, উৰ্চুলাৰ মুৰব্বী বিজ’ৰ্ন ছেইবাৰ্ট, বাণিজ্য সঞ্চালক প্ৰধান ছাবিন ৱেয়াণ্ড আৰু আমেৰিকাত ইউৰোপীয় ইউনিয়নৰ কৃষি মুৰব্বী থমাছ বাৰ্টও উপস্থিত আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
