– বাংকাৰ আৰু সুৰংগৰ পৰা উদ্ধাৰ মাৰাত্মক অস্ত্ৰ
টেল আভিভ/জেৰুজালেম, ০৫ নৱেম্বৰ (হি.স.)। গাজাত আৰম্ভ হোৱা হামছ আৰু ইজৰাইলৰ যুদ্ধৰ আজি দেওবাৰে ৩০ তম দিনত প্ৰৱেশ কৰিছে। আজি পুৱাও গাজাত ইজৰাইলৰ টেংক, ৰকেট আৰু মিছাইলৰ গৰ্জন অব্যাহত আছে। ইজৰাইলে গাজাৰ প্ৰতিটো কোণত বেহু পাতি পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে। মাটিৰ পৰা আকাশলৈ আক্ৰমণ কৰি হামাছক ধ্বংস কৰা হৈছে। হামাছৰ বাংকাৰ আৰু সুৰংগৰ পৰা উদ্ধাৰ কৰা হৈছে মাৰাত্মক অস্ত্ৰৰ কেচ। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
আন এক বাতৰি অনুসৰি হামাছে সীমান্তৰ সমীপৰ দক্ষিণ গাজাত এণ্টি টেংক মিছাইলেৰে ইজৰাইলৰ স্থল বাহিনীক লক্ষ্য কৰি লৈছে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে এই আক্ৰমণ বিফল কৰে। ৱেষ্ট বেংকৰ অন্যান্য ঠাইৰ লগতে জেনিন, নাব্লুছ আৰু টুলকাৰ্মত গোটেই নিশা ইজৰাইলৰ সামৰিক আক্ৰমণ অব্যাহত আছিল। সমগ্ৰ ৱেষ্ট বেংকত ইজৰাইলী বাহিনী আৰু হামাছৰ সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে।
ইফালে হামাছক সমৰ্থন কৰা হুউথী বিদ্ৰোহীয়ে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে জনোৱা মতে, উত্তৰৰ পৰা দক্ষিণ গাজালৈ খালী কৰাৰ পথটো পুৱা কিছু সময়ৰ বাবে খোলা থাকিব। আন এক বাতৰি অনুসৰি ইজৰাইলৰ যুদ্ধ বিমানে এটা অট্টালিকাৰ চাদত অৱস্থিত হামাছৰ সন্ত্ৰাসবাদী গঠন আৰু ওচৰৰ সুৰংগৰ খাদ ধ্বংস কৰে। এই সুৰংগৰ পৰা উদ্ধাৰ হৈছে মাৰাত্মক অস্ত্ৰৰ বিশাল ভঁৰাল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/প্ৰকাশ/মনোজ
