• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > (আপডেট) ৰাছিয়াত ৮.৭ প্ৰাবল্যৰ ভূমিকম্প, চেভেৰো-কুৰিলস্কৰ উপকূলীয় অঞ্চলত চুনামী, জাপান, আমেৰিকা আৰু নিউজিলেণ্ডলৈকে কম্পন
International

(আপডেট) ৰাছিয়াত ৮.৭ প্ৰাবল্যৰ ভূমিকম্প, চেভেৰো-কুৰিলস্কৰ উপকূলীয় অঞ্চলত চুনামী, জাপান, আমেৰিকা আৰু নিউজিলেণ্ডলৈকে কম্পন

CliQ INDIA
Last updated: July 30, 2025 5:05 pm
CliQ INDIA
Share
6 Min Read
SHARE
55db85fa4a343889f6795f771a300cdd_1618403964.jpg

মস্কো/টকিঅ’/ৱাশ্বিংটন, ৩০ জুলাই (হি.স.)। ৰাছিয়াৰ সুদূৰ পূৰ্বাঞ্চলৰ কামচাটকা অঞ্চলত আজি অনুভূত হয় ভূমিকম্পৰ প্ৰবল কম্পন। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৮.৭ ৰেকৰ্ড কৰা হৈছিল। আন এক বাতৰিত ভূমিকম্পৰ তীব্ৰতা ৮.৮ বুলি জানিব পৰা গৈছে। ১৯৫২ চনৰ পিছত কামচাটকাত এইটোৱেই আটাইতকৈ শক্তিশালী ভূমিকম্প। ছাখালিন অঞ্চলৰ চৰকাৰৰ মতে ইয়াৰ পিছত চেভেৰো-কুৰিলস্ক চহৰৰ উপকূলীয় অঞ্চলত চুনামীৰ ঢৌৱে আঘাত হানে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সেৱা তাছ, জাপানৰ বাতৰি কাকঁছা দ আসাহি শিনবুন আৰু আমেৰিকাৰ সংবাদ চেনেল চিএনএনৰ খবৰ অনুসৰি, কামচাটকাৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১২:০০ বজাত (মস্কোৰ সময় অনুসৰি, ০০:০০ জি.এম.টি) পেট্ৰোপাৱলস্ক-কামচাটস্কীৰ পৰা ১৫০ কিলোমিটাৰ দূৰত এই ভূমিকম্প আহিছিল। এইটোৱে উত্তৰ প্রশান্ত মহাসাগৰীয় অঞ্চলৰ কিছুমান অংশত ছুনামি উদ্ভৱ হৈছে। আলাস্কা, হোৱাই আৰু দক্ষিণত নিউজিলেণ্ডৰ বাবে সতৰ্ক বাণীজাৰি কৰা হৈছে। হ’ন’লুলুতে ছুনামিৰ সতর্কতা সائرেন বাজিবলৈ পিছত মানুহে উচ্চ স্থানলৈ গ’ল।

জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, প্ৰায় ৩০ চেণ্টিমিটাৰ (প্ৰায় ১ ফুট) উচ্চতাৰ প্ৰথমটো চুনামী ঢৌ হোকাইডোৰ পূব উপকূলৰ নেমুৰোত উপস্থিত হয়।

কামচাটকা উপদ্বীপত এই ভয়ংকৰ কেন্দ্ৰৰ আটাইতকৈ ওচৰৰ ৰাছিয়াৰ অঞ্চলসমূহে ব্যাপক ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে। মানুহক নিৰাপদ স্হানলৈ উলিয়াই নিয়া হৈছে। গৱৰ্ণৰ ভেলেৰী লিমাৰেংকোৰ মতে, প্ৰশান্ত মহাসাগৰত ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জৰ মূল বসতিস্থল চেভেৰো-কুৰিলস্কৰ উপকূলীয় অঞ্চলত প্ৰথমটো চুনামীৰ ঢৌৱে আঘাত হানে। দ্বিতীয় ঢৌৰ ভাবুকি পাৰ নোহোৱালৈকে মানুহ ওখ ঠাইত থাকিব।

প্ৰশান্ত মহাসাগৰীয় চুনামী সতৰ্কবাণী কেন্দ্ৰই জনোৱা মতে, হাৱাই, চিলি, জাপান আৰু ছলমন দ্বীপপুঞ্জৰ কিছুমান উপকূলীয় অঞ্চলত জোৱাৰৰ স্তৰৰ পৰা ১ৰ পৰা ৩ মিটাৰ উচ্চতাত ঢৌ বৃদ্ধি পাব পাৰে। ৰাছিয়া আৰু ইকুৱেডৰৰ কিছুমান উপকূলীয় অঞ্চলত তিনি মিটাৰতকৈ অধিক উচ্চতাৰ ঢৌ বৃদ্ধি পাব পাৰে। কেন্দ্ৰটোৱে সকীয়াই দিছে যে চুনামীৰ ফলত হাৱাইৰ সকলো দ্বীপৰ উপকূলীয় অঞ্চলত ক্ষতি হ’ব পাৰে। স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ ওচৰত ঢৌ উঠিব পাৰে।

জাপান আৰু আমেৰিকাৰ ভূমিকম্প বিজ্ঞানীসকলে জনোৱা মতে, জাপানৰ সময় অনুসৰি পুৱা ৮:২৫ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাৰম্ভিক মাত্ৰা লিখাৰ স্কেলত ৮.০ আছিল। পিছত আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ৮.৮ বুলি কয়। আমেৰিকাৰ ভূমিকম্প বিজ্ঞানীসকলে জনোৱা মতে, ২০.৭ কিলোমিটাৰ (১৩ মাইল) গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল প্ৰায় ১ লাখ ৮০ হাজাৰ জনসংখ্যা থকা ৰাছিয়াৰ পেট্ৰ’পাভলভস্ক-কামচাটস্কি চহৰৰ পৰা প্ৰায় ১১৯ কিলোমিটাৰ (৭৪ মাইল) দূৰত্বত থকা কামচাটকা উপদ্বীপ।

টাছৰ মতে পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ লোকসকলে জোতা বা বাহিৰৰ কাপোৰ নোহোৱাকৈ ৰাজপথলৈ ওলাই আহিছিল। ঘৰৰ ভিতৰত শ্বেলফ পৰিল। কাঁচ ভাঙি গ’ল। চলন্ত গাড়ীবোৰে ৰাস্তাত লৰচৰ কৰিবলৈ ধৰিলে। অট্টালিকাৰ বেলকনিবোৰ দ্ৰুতগতিত কঁপিবলৈ ধৰিলে। বৃহৎ অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। বহু ক্ষেত্ৰত ব্যাহত হৈ পৰে মোবাইল ফোন সেৱা। ছাখালিন দ্বীপৰ বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে।

আলাস্কাস্থিত ৰাষ্ট্ৰীয় চুনামী সতৰ্কতা কেন্দ্ৰই আলাস্কা আলেউচিয়ান দ্বীপপুঞ্জৰ কিছু অংশৰ বাবে চুনামী সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণীই আলাস্কাৰ উপকূলৰ এটা বৃহৎ অংশকো সামৰি লৈছে। ইয়াত পেনহেণ্ডলৰ কিছু অংশও অন্তৰ্ভুক্ত কৰা হৈছে।

জাপানী ভূমিকম্প বিজ্ঞানীসকলৰ মতে ২০১১ চনৰ মাৰ্চ মাহত উত্তৰ-পূব জাপানত হোৱা ভূমিকম্পৰ প্ৰাবল্য ৯.০ বুলি ৰেকৰ্ড কৰা হৈছে। ইয়াৰ ফলত এক বৃহৎ চুনামীৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ফুকচিমা পাৰমাণৱিক শক্তি কেন্দ্ৰটো ক্ষতিসাধন কৰে।

ইফালে নিউজিলেণ্ডৰ বিষয়াসকলে সমগ্ৰ দেশৰ উপকূলীয় অঞ্চলত অভাৱনীয় উচ্চ ঢৌৰ সতৰ্কবাণী জাৰি কৰিছে। বিল, উপকূলীয় অঞ্চল, বন্দৰ, নদী, মোহনা আদিৰ পৰা অনতিপলমে মানুহ আঁতৰি যাব লাগে বুলি চৰকাৰী জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাটোৱে জনাইছে। নিউজিলেণ্ড দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আৰু ভূমিকম্পৰ কেন্দ্ৰৰ পৰা প্ৰায় ৬,০০০ মাইল দূৰত।

ইয়াৰ পূৰ্বে জুলাই মাহত কামচাটকাৰ সমীপৰ সাগৰত ৫টাকৈ শক্তিশালী ভূমিকম্পই আঘাত হানিছিল। ইয়াৰে এটাৰ মাত্ৰা আছিল ৭.৪। ১৯৫২ চনৰ ৪ নৱেম্বৰত কামচাটকাত ৯.০ তীব্ৰতাৰ ভূমিকম্পত যথেষ্ট ক্ষতিসাধন হয়। ইয়াৰ ফলত হাৱাইত ৯.১ মিটাৰ ঢৌৰ সৃষ্টি হয়। বাতৰি অনুসৰি ছুনামী হাৱাই দ্বীপপুঞ্জত উপস্থিত হ’বলৈ সময় অতি কম। গৱৰ্ণৰ জোছ গ্ৰীনে কয় যে ই কেৱল এটা দ্বীপত নহয়, সমগ্ৰ হাৱাই দ্বীপপুঞ্জত আঘাত কৰিব। জাপানত উপস্থিত হোৱা প্ৰাৰম্ভিক ঢৌ প্ৰাথমিক অনুমানৰ তলত আছিল।

ইকুৱেডৰ আৰু ৰাছিয়াৰ উপকূলীয় অঞ্চলত স্বাভাৱিক স্তৰৰ পৰা ৩ মিটাৰতকৈ অধিক ঢৌ বৃদ্ধি হ’ব পাৰে বুলি আমেৰিকাৰ ছুনামী সতৰ্কতা কেন্দ্ৰসমূহে প্ৰকাশ কৰিছে। চিলি, কোষ্টা ৰিকা, ফ্ৰেঞ্চ পলিনেছিয়া, গুৱাম, হাৱাই, জাপান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যান্য দ্বীপ আৰু দ্বীপপুঞ্জৰ কিছুমান উপকূলত ১ৰ পৰা ৩ মিটাৰ ঢৌ উঠিব পাৰে, আৰু অষ্ট্ৰেলিয়া, কলম্বিয়া, মেক্সিকো, নিউজিলেণ্ড, টংগা আৰু টাইৱানত ১ মিটাৰ পৰ্যন্ত ঢৌ উঠিব পাৰে। ব্ৰুনাই, চীন, উত্তৰ কোৰিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া আৰু ভিয়েটনামৰ উপকূলত জোৱাৰৰ পৰা এক ফুটতকৈও কম ঢৌ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ইফালে, ভোডোপাডনায়া বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, কামচাটকাৰ য়েলিজ’ভস্কি জিলাত ৩-৪ মিটাৰ উচ্চতাৰ ঢৌৰ ছুনামী ৰেকৰ্ড কৰা হৈছে। এক ঘন্টাত কামচাটকা উপকূলত ৫ টাতকৈও অধিক প্ৰাবল্যৰ মুঠ ৮টা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে ৭.৫ মাত্ৰা পৰ্যন্ত কম্পন কমেও এমাহৰ বাবে এই অঞ্চলত আঘাত হানিব পাৰে। পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ এখন কিণ্ডাৰগাৰ্টেনৰ দেৱাল ভাঙি পৰিছে। চেভেৰো-কুৰিস্ক বন্দৰ আৰু ছাখালিন অঞ্চলৰ এটা মাছ ধৰা কেন্দ্ৰ ছুনামীৰ ঢৌত ডুব গৈছে।

প্ৰশান্ত মহাসাগৰৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ জাপানৰ নিৰাপত্তা বাহিনীয়ে যুদ্ধ বিমান, টহলদাৰী বিমান আৰু হেলিকপ্টাৰ নিয়োগ কৰিছে। জাপানৰ শক্তি কোম্পানী টকিঅ’ ইলেক্ট্ৰিক পাৱাৰৰ বিশেষজ্ঞসকলে ফুকচিমা-১ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা বিশুদ্ধ পানী নিষ্কাশনৰ পৰৱৰ্তী পৰ্যায় বন্ধ কৰি দিয়ে। মধ্য আৰু উত্তৰ-পূব জাপানত শ্বিনকানচেন বুলেট ট্ৰেইন সেৱা বন্ধ কৰি দিয়া হৈছে।

কামচাটকাত হোৱা ভূমিকম্পৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডল প্ৰশাসনেও ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। অ’আহু দ্বীপৰ কৰ্তৃপক্ষই উপকূলীয় অঞ্চলৰ লোকসকলক তৎকালীনভাৱে অঞ্চলটো খালী কৰিবলৈ কয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মস্কো আক্ৰমণঃ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাছিয়াৰ, আক্ৰমণত জড়িত হোৱাৰ কথা অস্বীকাৰ ইউক্ৰেইনৰ
ইজৰাইলৰ পশ্চিম ৰাফাত আক্ৰমণত ৪৫ জন স্থানচ্যুত লোকৰ মৃত্যু, নেতান্যাহুৰ শোক প্ৰকাশ
ইছলামাবাদত উপস্থিত তুৰস্কৰ বৈদেশিক মন্ত্ৰী
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ গাজা দখল কৰাৰ প্ৰস্তাৱত নিৰাপত্তা মন্ত্ৰীসভাৰ অনুমোদন
ৰাছিয়া-ইউক্ৰেইন যুদ্ধঃ ইউক্ৰেইনত ৰুছ সেনাৰ ডেপুটি কমাণ্ডাৰৰ মৃত্যু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আৰম্ভণিৰ বাণিজ্যৰ অস্থিৰতাৰ মাজতে ষ্টক মাৰ্কেট বৃদ্ধি, চেন্সেক্স আৰু নিফ্টীৰ সামান্য লাভ
Next Article মধ্যপ্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন বিঘ্নিত, বহু জিলাত বান সদৃশ পৰিস্থিতি, গুণাত সেনাক দায়িত্ব
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?