কাঠমাণ্ডু, ২৮ জুন (হি.স.)। নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীয়ে আজি শনিবাৰে সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিবলৈ ওলাইছে। ইয়াৰ বাবে কাঠমাণ্ডুত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ সমৰ্থকসকলক কাঠমাণ্ডুলৈ মাতি অনা হৈছে।
বিদ্যা ভাণ্ডাৰীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ দল নেপাল কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী) অৰ্থাৎ চি পি এন ইউ এম এলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। এতিয়া এই দলৰ পৰা পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিবলৈ ওলাইছে তেওঁ। ইয়াৰ বাবে কাঠমাণ্ডুৰ ৰাষ্ট্ৰীয় সভাত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য’ত দলৰ নেতৃত্ব বিদ্যা ভাণ্ডাৰীক গতাই দিয়াৰ সন্দৰ্ভত ডাঙৰ ডাঙৰ হৰ্ডিং স্হাপন কৰা হৈছে। চি পি এন ইউ এম এলৰ অন্যতম প্ৰতিষ্ঠাপক নেতা তথা বছৰ বছৰ ধৰি এই দলৰ নেতৃত্ব দিয়া বিদ্যা ভাণ্ডাৰীৰ প্ৰয়াত স্বামী মদন ভাণ্ডাৰীৰ আজি জন্মদিন আৰু এই উপলক্ষে বিদ্যাই ৰাজনীতিৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে।
এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক মুখ্য অতিথি হিচাপে ঘোষণা কৰা হৈছে আৰু তেওঁৰ সন্মুখতে বিদ্যা ভাণ্ডাৰীৰ পুনৰ ৰাজনীতিত প্ৰৱেশৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। কিন্তু প্ৰধানমন্ত্ৰী অলিয়ে বহু ৰাজহুৱা কাৰ্যসূচীত প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ বিৰুদ্ধে যুক্তি আগবঢ়াই আহিছে। আজি সভাস্থলীৰ আশে-পাশে যি ধৰণে পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছে, সেইবোৰলৈ চালে প্ৰধানমন্ত্ৰীয়ে হয়তো এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনাই অধিক ।
বিদ্যা পক্ষধৰ নেতা তথা চিপিএন ইউএমএলৰ প্ৰাক্তন উপ সভাপতি সুৰেন্দ্ৰ পাণ্ডেয়ে কয় যে মদন ভাণ্ডাৰীৰ স্মৃতিত আয়োজন কৰা কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰী অহা উচিত আৰু বিদ্যা ভাণ্ডাৰীয়ে সক্ৰিয় ৰাজনীতিৰ ঘোষণাকো তেওঁ আদৰণি জনাব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
