
কলকাতা, ২৮ জুন (হি.স.)। কলকাতাৰ কাছবাস্হিত আইন মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডই ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে। এই চাঞ্চল্যকৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তৰ সৈতে তৃণমূল কংগ্ৰেছৰ ছাত্ৰ সংগঠন তৃণমূল ছাত্ৰ পৰিষদ (টিএমচিপি)ৰ সম্পৰ্ক থকা বুলি ধৰা পৰিছে। আৰক্ষীৰ সূত্ৰ আৰু ছাত্ৰ-ছাত্ৰীয়ে এই কথা নিশ্চিত কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মূল অভিযুক্ত মনোজিত মিশ্ৰ (৩০) আইন মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, যিজনক শেহতীয়াকৈ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল। আন দুজন অভিযুক্ত প্ৰমিত মুখোপাধ্যায় (২০) আৰু জৈব আহমেদ (১৯) বৰ্তমানৰ ছাত্ৰ আৰু টিএমচিপিৰ কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে মনোজিত মিশ্ৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে এই ঘটনাক লৈ ৰাজনৈতিক হুলস্থুল তীব্ৰতৰ হৈ পৰে। এই ছবিসমূহত তেওঁক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা আৰু দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী, ৰাজ্যৰ স্বতন্ত্ৰ চাৰ্জ বিত্ত ৰাজ্য মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য আৰু কলকাতা পৌৰ নিগমৰ কাউন্সিলাৰ কাজৰী বেনাৰ্জী (মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভনীয়েক)ৰ সৈতে দেখা গৈছে। ইয়াৰ উপৰিও দলৰ আন বহু বিধায়কৰ সৈতে তেওঁৰ ছবিও আছে।
বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই ছ’চিয়েল মিডিয়াত এই ছবিসমূহ শ্বেয়াৰ কৰি তৃণমূল কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয়, কাছবাৰ এগৰাকী কলেজীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্তৰ প্ৰত্যক্ষ সম্পৰ্ক তৃণমূল কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী নেতাৰ সৈতে থকাটো আচৰিত কথা। ঘটনাৰ সময়ত মহাবিদ্যালয়খনৰ গেট বন্ধ আছিল। এয়া কেৱল অপৰাধ নহয়, বৰঞ্চ বৃহৎ পৰিসৰত ষড়যন্ত্ৰ আৰু সুৰক্ষাৰ গোচৰ। টিএমচি ধৰ্ষণকাৰীৰ দলত পৰিণত হৈছে।
বিৰোধী নেতা শুভেন্দু অধিকাৰীয়েও অভিষেক বেনাৰ্জীৰ সৈতে মনোজিতৰ ছবিখন শ্বেয়াৰ কৰি লিখিছে, অপৰাধৰ সাম্ৰাজ্য ঠিক তেনেকৈয়ে থিয় নহয়, ই বছৰ বছৰ ধৰি সংগতি আৰু সুৰক্ষাৰে ফুলি উঠে।
আনহাতে, টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে এই অভিযোগ নাকচ কৰি কয় যে কেৱল ফটোৰ আধাৰত কোনো সম্পৰ্ক প্ৰমাণ কৰিব নোৱাৰি। তেওঁ অভিযোগ কৰে যে এনে বহু উদাহৰণ আছে য’ত পৰৱৰ্তী সময়ত এনে গোচৰৰ সৈতে জড়িত নেতাৰ সৈতে বিজেপি নেতাৰ ফটোও পোহৰলৈ আহে। ৰাজহুৱা ব্যক্তিৰ সৈতে এনে ফটো তোলাটো স্বাভাৱিক। যদি টিএমচিয়ে ব্যাখ্যা দিব লাগে তেন্তে বিজেপিয়েও ব্যাখ্যা দিব লাগিব।
এই ঘটনাত ২৫ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত তৃণমূল ছাত্ৰ পৰিষদৰ প্ৰতি আনুগত্য প্ৰমাণ কৰাৰ নামত ছাত্ৰীগৰাকীক কলেজৰ কমন ৰুমলৈ মাতি অনা হৈছিল। ছাত্ৰীগৰাকীয়ে তাৰ পৰা যাবলৈ চেষ্টা কৰাত বলপূৰ্বকভাৱে কলেজ চৌহদৰ এটা গাৰ্ড ৰুমলৈ টানি লৈ যায়। তাৰ পৰাই চকীদাৰজনক খেদি পঠিওৱা হয়, ছোৱালীজনীয়ে চকীদাৰৰ পৰা সহায় বিচাৰি থাকিল যদিও তেওঁ পলায়ন কৰে আৰু ইয়াতেই দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। এই অপৰাধত মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।
মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নেইনা চেটাৰ্জীয়ে কয় যে এই মহাবিদ্যালয়খন ডে শ্বিফটত চলি থাকে আৰু সন্ধিয়া পাঁচ বজাৰ ভিতৰত ক্লাছ শেষ হয়। এনে পৰিস্থিতিত মহাবিদ্যালয় বন্ধ হোৱাৰ পিছত অভিযুক্তই কেনেকৈ তাত উপস্থিত হ’ল আৰু ভুক্তভোগীক কেনেকৈ মাতিলে সেই লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
ৰাজহুৱা অভিযোজক সৌৰিন ঘোষালে জনোৱা মতে, শুকুৰবাৰে তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰা হয়, য’ৰ পৰা ১ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ মোবাইল ফোন আৰু ডিজিটেল ডাটা জব্দ কৰিছে। প্ৰমাণৰ তদন্ত চলি আছে।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টিএমচিপিৰ ৰাজ্যিক সভাপতি তৃণকুৰ ভট্টাচাৰ্যই কয় যে যদি অভিযোগ সঁচা প্ৰমাণিত হয়, তেন্তে দোষীয়ে দলৰ সৈতে জড়িত যিয়েই নহওক কিয়, আটাইতকৈ কঠোৰ শাস্তি পাব লাগে।
ইফালে, শুকুৰবাৰে সন্ধিয়া কলকাতা আৰক্ষীৰ জাদৱপুৰ সংমণ্ডলৰ উপ-আয়ুক্তৰ কাৰ্যালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে ৰাইজক ছ’চিয়েল মিডিয়াত নিশ্চিত নকৰা তথ্য ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
