বিশ্বনাথ, ফেব্ৰুৱাৰী : সুদুৰ বাৰ্চিলোনাৰ পৰা চাইকেল চলাই চতিয়াৰ ইটাখোলাত উপস্থিত হ”লহি এহাল স্পেনিছ দম্পতী।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ষোল্ল হাজাৰ কিলোমিটাৰ দুৰত্ব চাইকেল চলাই অতিক্ৰম কৰি চতিয়াৰ ইটাখোলাত আজি উপস্থিত হোৱা পাৰ্লো আৰু পাকী নামৰ এই দম্পতীহালক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়।
অসমীয়া স্বাভিমান গামোচাৰে বিদেশী পয্যটক দুগৰাকী আদৰণি জনোৱাৰ পাছত হোটেলত বহি চাহ চিংগৰাৰ জুতি ললে স্পেনিছ দম্পতীয়ে।ইটাখোলাবাসীৰ আদৰত অভিভূত হৈ পৰিল বিদেশী দম্পতী।উল্লেখ্য যে ২০২৩ চনৰ মে” মাহৰ অন্তিম সপ্তাহৰ পৰা চাইকেল চলাই বিশ্ব ভ্ৰমণ কৰা এই স্পেনিছ দম্পতী চতিয়াৰ পৰা মাজুলি হৈ নগালেণ্ডলৈ যাব বুলি জানিবলৈ দিছে।
