প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এক্সৰ মালিক ইলন মাস্কে মাইক্ৰ’ব্লগিং চাইট এক্সত ১০০ মিলিয়ন (১০ কোটি) অনুগামী হোৱাৰ বাবে অভিনন্দন জনায়। ইলন মাস্কে প্ৰধানমন্ত্ৰী মোডীক টেগ কৰি তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত এই শুভেচ্ছা জনাইছিল। এই পোষ্টটো চাৰমিনিটতে ভাইৰেল হৈ ৭.৭৫ লাখতকৈও অধিক লোকে প্ৰত্যক্ষ কৰিছিল।
BulletsIn
- ১৯ জুলাইৰ নিশা প্ৰায় ১১.১১ বজাত ইলন মাস্কে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনায়।
- ইলন মাস্কে মোডীক নিজৰ অফিচিয়েল এক্স হেণ্ডেলত টেগ কৰি অভিনন্দন জনাই।
- অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সৰ্বাধিক অনুসৰণ কৰা বিশ্বৰ নেতা হোৱাৰ বাবে।
- পোষ্টটো ২০ মিনিটৰ ভিতৰত ৭.৭৫ লাখতকৈও অধিক লোকে প্ৰত্যক্ষ কৰে।
- মোডীৰ ১০ কোটি অনুগামী হোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক অতিক্ৰম কৰে।
- ডুবাইৰ ৰজা শ্বেখ মহম্মদকো অতিক্ৰম কৰিছে।
- পোপ ফ্ৰান্সিছকো অতিক্ৰম কৰিছে।
- মোডীৰ এক্স হেণ্ডেলত যোৱা তিন বছৰত প্ৰায় ৩ কোটি ফ’ল’ৱাৰ বৃদ্ধি পাইছে।
- ইউটিউবত তেওঁৰ প্ৰায় ২.৫ কোটি চাবস্ক্ৰাইবাৰ আছে।
- ইনষ্টাগ্ৰামত ৯১ মিলিয়ন ফ’ল’ৱাৰ আছে।
- এক্স ব্যৱহাৰকাৰীসকলে মোডীক টেইলৰ চুইফট, লেডী গাগা, আৰু কিম কাৰ্দাছিয়ানতকৈও বেছি অনুসৰণ কৰে।
