চিকাগো, ১৬ অক্টোবৰ (হি.স.)। পশ্চিম মধ্য আমেৰিকাৰ বাণিজ্যিক আৰু সাংস্কৃতিক ৰাজধানী চিকাগোত ছয় বছৰীয়া এজন পেলেষ্টাইনী-আমেৰিকান ল’ৰাক ছুৰীৰে আঘাত কৰি হত্যা কৰা হয়। শিশুটিয়ে মাতৃ হানান শ্বাহীন (৩২)ৰ সৈতে বাস কৰিছিল। আক্ৰমণকাৰীয়ে মাতৃকো আহত কৰে। ইয়াৰ তাৎক্ষণিক কাৰণ ‘ইজৰাইল-হামাছ যুদ্ধৰ পৰা উদ্ভৱ হোৱা ঘৃণাজনিত অপৰাধ’ বুলি কোৱা হয়। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীৰ উদ্ধৃতিৰে সন্দেহযুক্ত হত্যাকাৰীজন ইলিনয়ৰ চিকাগোৰ বাসিন্দা। ঘৰৰ সমীপতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। উইল কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, এই কাণ্ড ঘৃণাজনিত অপৰাধৰ সৈতে জড়িত নেকি সেই বিষয়ে কৰ্তৃপক্ষই তদন্ত কৰি আছে। ইয়াৰ উপৰিও অভিযুক্তই মাতৃ-পুত্ৰক মুছলমান হোৱাৰ বাবেই আক্ৰমণ কৰিছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।
শ্বেৰিফৰ কাৰ্যালয়ৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দেওবাৰে মাতৃ আৰু পুত্ৰক তেওঁলোকৰ ঘৰত আহত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে দুয়োকে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত শিশুটিক মৃত ঘোষণা কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ মৃতদেহত চোকা অস্ত্ৰৰে ২৬ বাৰকৈ আঘাত কৰে। মহিলাগৰাকীৰ দেহত এক ডজনৰো অধিক আঘাত পোৱা গৈছে। লগতে তেওঁক কটাৰীৰে আক্ৰমণ কৰা হয়। ঘৃণাজনিত অপৰাধৰ অধীনত এই ঘটনা সংঘটিত হোৱা বুলি অভিযুক্তই জনাইছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
