ঢাকা, ১৪ জুলাই (হি.স.)। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ই বৰ্তমান জুলাই বিদ্ৰোহৰ সময়ত সংঘটিত হোৱা ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ সৈতে জড়িত গোচৰৰ শুনানি ক্ষিপ্ৰ কৰি তুলিছে। যোৱা বছৰৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ সময়ত চাংখৰপুলত ছয়জন লোকক হত্যা কৰাৰ গোচৰত আজি আইচিটি-১-এ ঢাকা মহানগৰ আৰক্ষী আয়ুক্ত হবিবুৰ ৰহমানকে ধৰি আৰক্ষী বাহিনীৰ আঠজন সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰি অনুসৰি, ইয়াৰ পিছত ন্যায়াধীশ গোলাম মৰ্তুজা মোজুমদাৰৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধিকৰণে বিচাৰ বিভাগৰ প্ৰাৰম্ভিক বক্তব্যৰ বাবে ১০ আগষ্ট আৰু সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে ১১ আগষ্ট নিৰ্ধাৰণ কৰে। ইয়াৰে চাৰিজনক আদালতত হাজিৰ কৰোৱা হয়। হাজিৰ কৰা অভিযুক্তসকলৰ ভিতৰত আছে শ্বাহবাগ থানাৰ প্ৰাক্তন পৰিদৰ্শক (অপাৰেচন) আৰ্ছাদ হুছেইন, কনিষ্টবল ছুজন, ইমাজ হুছেইন আৰু নাছিৰুল ইছলাম। চাৰিওজনে অভিযোগ মানি ল’বলৈ অস্বীকাৰ কৰে।
বিচাৰ বিভাগৰ বিষয়াসকলে জনোৱা মতে, এই গোচৰত প্ৰাক্তন যুটীয়া আৰক্ষী আয়ুক্ত সুদীপ কুমাৰ চক্ৰৱৰ্তী, প্ৰাক্তন অতিৰিক্ত উপ আয়ুক্ত শ্বাহ আলম মহম্মদ আখতাৰুল ইছলাম আৰু ৰমনা মণ্ডলৰ প্ৰাক্তন সহকাৰী আৰক্ষী আয়ুক্ত মহম্মদ ইমৰুল পলাতক হৈ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
