ইছলামাবাদ (পাকিস্তান), ২৬ আগষ্ট (হি.স.)। পাকিস্তানী সৈন্যই কৰাচী আৰু বেলুচিস্তানৰ কেচ জিলাত সংঘটিত পৃথক পৃথক ঘটনাত কমেও তিনিজন যুৱকক ধৰি লৈ যোৱা বুলি অভিযোগ উঠিছে। ২৪ আগষ্টত কৰাচীৰ মালিৰ অঞ্চলৰ পৰা মোল্লা বখছৰ পুত্ৰ দাদ কৰিম আৰু ৱাহিদ বখছৰ পুত্ৰ শ্বোয়াইব আহমেদক উঠাই অনা হৈছিল। দুয়োজনেই একেটা পৰিয়ালৰ আৰু মূলতঃ কেচ জিলাৰ গেবুনৰ। উছমান মকবুলকো নিৰাপত্তাৰক্ষীয়ে লৈ যোৱাৰ অভিযোগ উঠিছে ।
স্থানীয় সূত্ৰৰ উদ্ধৃতি দি বেলুচিস্তান পোষ্টে জনোৱা মতে, ইয়াৰ পূৰ্বে ২০১৯ চনতো উছমান মকবুলক সেনা জোৱানে লৈ গৈছিল। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ২০২১ চনত মুক্তি লাভ কৰে। দেওবাৰে সন্ধিয়া গ্ৱাদাৰৰ কুলডান আৰু গুম্বাদ অঞ্চলত নিৰাপত্তা বাহিনীয়ে ৫জন লোকক আটক কৰে। ইয়াৰ পিছত পাঁচজনক প্ৰহাৰ কৰি ফ্ৰন্টিয়াৰ কৰ্পছৰ তিনিখন বাহনত ক’ৰবালৈ লৈ যোৱা হয়। ইয়াৰে তিনিজন পীৰ মহম্মদৰ পুত্ৰ ছিৰাজ, লাল মহম্মদৰ পুত্ৰ ৱাছিম আৰু মুৰাদৰ পুত্ৰ ৱাহিদ বুলি চিনাক্ত কৰা হৈছে। বাকী দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
খবৰ অনুসৰি যোৱা ২৩ আগষ্টত মালিৰৰ ছাদিক গাঁৱতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ২৬ বছৰীয়া ছাদিক মুৰাদক লৈ গৈছে সেনা-আৰক্ষী জোৱান। কৰাচী প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি পৰিয়ালটোৱে তেওঁক শীঘ্ৰে মুক্তিৰ দাবী জনায়। মানৱ অধিকাৰ সংগঠনসমূহে প্ৰায়ে পাকিস্তানৰ নিৰাপত্তা সংস্থাসমূহক ইয়াৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰি আহিছে। ফেডাৰেল বিষয়াসকলে এনে অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
