কাঠমাণ্ডু, ২৮ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ গৃহমন্ত্ৰী ওম প্ৰকাশ আৰ্যলে বিগত ৮ আৰু ৯ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ সময়ত লণ্ড-ভণ্ড, অগ্নিসংযোগ, লুণ্ঠনৰ ঘটনাত জড়িত যুৱক-যুৱতীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ।
শেহতীয়াকৈ আৰক্ষী চকীত জুই লগাই দিয়া, অস্ত্ৰ লুটপাত, ৰাজহুৱা কাৰ্যালয়ত আক্ৰমণৰ অভিযোগত কেইবাজনো যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰতিবাদৰ সময়ত কাঠমাণ্ডুৰ লগতে সমগ্ৰ দেশৰ শ শ চৰকাৰী কাৰ্যালয়ত জুই লগাই দিয়া হয়। ৩ হাজাৰৰো অধিক আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লুটপাত। সিংঘা দৰবাৰ, উচ্চতম ন্যায়ালয়, সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহকে ধৰি ৰাজ্যৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত কেইবাদিনো জুই জ্বলি আছিল।
দেওবাৰে গৃহ মন্ত্ৰ্যালয়ে এক বিবৃতিযোগে প্ৰাক্তন ন্যায়াধীশ গৌৰী বাহাদুৰ কাৰ্কিৰ অধীনত ন্যায়িক আয়োগ গঠন কৰি প্ৰতিবাদৰ ফলত হোৱা মানৱীয় আৰু বস্তুগত ক্ষতিৰ তদন্তৰ কথা ঘোষণা কৰে। মন্ত্ৰালয়ে যুক্তি দিছিল যে তাৎক্ষণিকভাৱে আৰক্ষীৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব, কিয়নো আয়োগৰ দায়িত্ব আছিল এই কাণ্ডসমূহ অধ্যয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া।
লিখিত আদেশত আৰ্যলে আৰক্ষী মহাপৰিদৰ্শক চন্দ্ৰকুবেৰ খাপুঙক হিংসাত্মক প্ৰতিবাদৰ সময়ত চৰকাৰী সা-সম্পত্তিৰ ক্ষতিসাধন সম্পৰ্কীয় গোচৰ তদন্ত নকৰিবলৈ নিৰ্দেশ দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ
