কাঠমাণ্ডু, ২৭ জুন (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে শনিবাৰৰ পৰা পাঁচ দিনৰ বাবে স্পেইন ভ্ৰমণ কৰিবলৈ গৈ আছে । তেওঁ ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইফালে আজি ইটালীলৈ ৰাওনা হ’ব বৈদেশিক মন্ত্ৰী ড০ অৰ্জু ৰানা।
স্পেইনৰ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ আমন্ত্ৰণত চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সহযোগিতা সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী অলিয়ে। প্ৰধানমন্ত্ৰীৰ মুখ্য ৰাজনৈতিক উপদেষ্টা বিষ্ণু ৰিমালে কয় যে নেপালৰ প্ৰধানমন্ত্ৰীয়ে অতি কম উন্নত দেশৰ গোটৰ সভাপতি হিচাপে এই সন্মিলনত ভাষণ দিব।
এই ভ্ৰমণৰ সময়ত স্পেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে সুকীয়া দ্বিপাক্ষিক বৈঠক হ’ব বুলিও তেওঁ কয়। ইয়াৰ উপৰিও অলিয়ে আন দেশৰ মুৰব্বীৰ সৈতেও পাৰ্শ্বৱৰ্তী বৈঠকত মিলিত হ’ব। ইটালী ভ্ৰমণৰ সময়ত ৰোমত আয়োজিত কৃষি আৰু খাদ্য সংস্থাৰ এখন সন্মিলনত ভাষণ দিব বৈদেশিক মন্ত্ৰী ৰাণাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
