আবুজা (নাইজেৰিয়া), ০৭ ছেপ্টেম্বৰ (এইচ এছ)। উত্তৰ-পূব নাইজেৰিয়াৰ দাৰুল জামাল নামৰ এখন গাঁৱত বকো হাৰামৰ সন্ত্ৰাসবাদীয়ে বৃহৎ আক্ৰমণ চলাই কেইবা ডজন লোকক হত্যা কৰে । শেহতীয়াকৈ এই গাঁওখনত স্থানচ্যুত লোকসকলক বসতি স্থাপন কৰা হৈছিল। শনিবাৰে সন্ধিয়া বৰ্ণো ৰাজ্যৰ গৱৰ্ণৰ বাবাগানা জুলুমে সেই স্থান পৰিদৰ্শন কৰি নিশ্চিত কৰে যে এই সন্ত্ৰাসবাদী আক্ৰমণত ৬৩ জন লোক নিহত হৈছে। এই আক্ৰমণত বহু সংখ্যক লোক আহত হোৱাৰ লগতে বহু সংখ্যক লোকেই পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
ডেইলী ট্ৰাষ্টৰ মতে, বৰ্ণো ৰাজ্যৰ দাৰুল জামালত সন্দেহযুক্ত বকো হাৰাম সন্ত্ৰাসবাদীয়ে কেইবা ডজন সাধাৰণ নাগৰিক আৰু অজ্ঞাত সংখ্যক জোৱানক হত্যা কৰে। এই আক্ৰমণত বহু সংখ্যক লোক আহত হয়। আক্রমণকাৰীয়ে নৃশংসভাৱে লোকক হত্যা কৰাৰ লগতে ঘৰ-দুৱাৰত অগ্নিসংযোগ কৰে৷ আক্ৰমণৰ সময়ত বহু লোকে তাৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে।
শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত (স্থানীয় সময় অনুসৰি) সংঘটিত হয় এই ঘটনা। শনিবাৰে বৰ্ণো ৰাজ্যৰ ৰাজ্যপাল বাবাগানা উমাৰা জুলুমে দাৰুল জামাল পৰিভ্ৰমণ কৰি বকো হাৰামৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰা ৬৩ জন লোকৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু সমবেদনা জ্ঞাপন কৰে।
পীড়িত সকলৰ ভিতৰত ৫ জন জোৱান আৰু প্ৰায় ৫৮ জন সাধাৰণ নাগৰিক আছিল। আটাইকেইজনেই পূৰ্বে বিদ্ৰোহীয়ে স্থানচ্যুত কৰিছিল যদিও দুমাহ পূৰ্বে দাৰুল জামাললৈ উভতি আহিছিল।
ৰাজ্যৰ ৰাজ্যপাল উমাৰা জুলুমে এই ঘটনাত ৬৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰি শোকসন্তপ্ত পৰিয়ালসমূহক সান্ত্বনা দিয়ে। তেওঁ সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰি কয় যে সেয়া অতি দুখজনক। এই সম্প্ৰদায়টোৱে মাত্ৰ কেইমাহমানৰ আগতে বসতি স্থাপন কৰি নিজৰ স্বাভাৱিক কাম-কাজ চলাই আছিল যদিও দুৰ্ভাগ্যজনকভাৱে যোৱা নিশা তেওঁলোকে বকো হাৰামৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল।
উল্লেখযোগ্য যে নাইজেৰিয়াৰ স্থানীয় জেহাদীসকলে ২০০৯ চনত বকো হাৰাম গঠন কৰিছিল। এই সংগঠনৰ উদ্দেশ্য আছিল পশ্চিমীয়া শিক্ষাৰ বিৰোধিতা কৰি উগ্ৰ ইছলামিক ব্যৱস্থা জাপি দিয়া। ইয়াৰ বাবে সংগঠনটোৰ সন্ত্ৰাসবাদীয়ে কেইবা ডজনো বৰ্বৰ ঘটনা সংঘটিত কৰি সন্ত্ৰাস বিয়পাইছিল। ২০২১ চনত বকো হাৰামৰ কুখ্যাত নেতা আবুবকাৰ শ্বেকাউৰ মৃত্যুৰ পিছত সংগঠনটো দুটা ফৈদত বিভক্ত হয়। এটা ফৈদ ইছলামিক ষ্টেট গোটৰ সৈতে জড়িত আৰু ইছলামিক ষ্টেট পশ্চিম আফ্ৰিকা প্ৰভিন্স (আইএছডব্লিউএপি) নামেৰে জনাজাত। এই ফৈদে সাধাৰণতে সেনাবাহিনীক আক্ৰমণ কৰে। আনটো ফৈদ জামা’তু আহলিছ চুন্না লিদ্দা’ৱাতি ৱাল-জিহাদ (জে এ এছ)য়ে সাধাৰণ নাগৰিকক লক্ষ্য কৰি মুক্তিপণ আৰু ডকাইতিৰ কাণ্ড সংঘটিত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
