জেৰুজালেম/টেল আভিভ/ৱাশ্বিংটন, ১৮ অক্টোবৰ (হি.স.)। চলিত মাহৰ ৭ তাৰিখে পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছত সংঘটিত হোৱা যুদ্ধৰ বাবে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে। মঙলবাৰে নিশা গাজাৰ আল-আহলী আৰব হাস্পতালত হোৱা আক্ৰমণত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছে। এই আক্ৰমণত শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বীয়ে এই কথা তীব্ৰ সমালোচনা কৰিছে। তেওঁ এই কথা গ্ৰহণযোগ্য নহয় বুলি কৈছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইললৈ ৰাওনা হৈছে। ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত হোৱা এই যুদ্ধত এতিয়ালৈকে ৪৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
শীৰ্ষ সন্মিলন বাতিল: সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাজাৰ চিকিৎসালয়খনত আক্ৰমণৰ পিছত সমগ্ৰ মধ্যপ্ৰাচ্যতে উত্তেজনা বৃদ্ধি পাইছে। এই আক্ৰমণৰ ফলত ইজৰাইলৰ নিজৰ প্ৰতিৰক্ষাৰ অধিকাৰৰ সমৰ্থন লাভৰ বাবে আমেৰিকাৰ কূটনৈতিক প্ৰচেষ্টাক ব্যাহত কৰিছে। জৰ্ডানৰ আম্মানত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে আৰব নেতাৰ সন্মিলন বাতিল কৰা হৈছে। জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আয়মান ছাফাদীয়ে এই ঘোষণা কৰিছে। ইয়াৰ পিছতো আজি বাইডেনে ইজৰাইলৰ প্ৰতি সমৰ্থন আৰু সংহতি প্ৰকাশ কৰিবলৈ টেল আভিভলৈ যাত্ৰা কৰিছে।
এই আক্ৰমণৰ অভিযোগ আৰু প্ৰতিযোগ: সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাজাৰ আল-আহলী আৰব হাস্পতালত হোৱা আক্ৰমণৰ বাবে হামাছ আৰু ইজৰাইলে ইজনে সিজনক দোষাৰোপ কৰিছে। ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, ইজিপ্ত, জৰ্ডান আৰু তুৰস্কেও ইজৰাইলক বোমা বিস্ফোৰণৰ অভিযোগ উত্থাপন কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই আক্ৰমণৰ বাবে হামাছৰ বৰ্বৰ সন্ত্ৰাসবাদীক জগৰীয়া কৰিছে।
কাৰ দাবী সঁচা: বাতৰি অনুসৰি চিকিৎসালয় বিস্ফোৰণৰ লগে লগে হামাছে ইজৰাইলক দোষাৰোপ কৰিছিল। ইয়াৰ বাবে তেওঁ ইজৰাইলৰ সেনাক জগৰীয়া কৰিছিল। ইয়াৰ পিছত ইজৰাইল সেনাই এই অভিযোগ অস্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে ইছলামিক জেহাদ গোটৰ ভুল ৰকেট নিক্ষেপত এই বিস্ফোৰণ সংঘটিত হৈছে। ইফালে হামাছৰ নেতা ইছমাইল হানিয়াই এক নাটকীয় বিবৃতিত এই আক্ৰমণৰ বাবে আমেৰিকাক জগৰীয়া কৰে। হানিয়াই কয় যে চিকিৎসালয়খনত সংঘটিত হোৱা হত্যাকাণ্ডই শত্ৰুৰ নিষ্ঠুৰতা আৰু পৰাজয়ৰ আশংকা নিশ্চিত কৰিছে।
ভাষা নাই… ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ তুৰ্কে বিবৃতিটোত কয় যে এই ঘটনাৰ বাবে তেওঁৰ ওচৰত কোনো ভাষা নাই। চিকিৎসালয়সমূহ পবিত্ৰ স্থান আৰু যিকোনো মূল্যৰ বিনিময়ত ইয়াক সুৰক্ষিত কৰিব লাগিব। এই গণহত্যাৰ সম্পূৰ্ণ পৰিসৰ আমি এতিয়াও গম পোৱা নাই যদিও হিংসা আৰু হত্যাকাণ্ড তৎক্ষণাত বন্ধ হ’ব লাগিব বুলি স্পষ্ট।
মৃতকৰ সংখ্যাঃ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাজাত হামাছৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰথমে কৈছিল যে কমেও ৫০০ লোকৰ মৃত্যু হৈছে। পিছলৈ এই সংখ্যা ২০০ৰ পৰা ৩০০ৰ ভিতৰত সংশোধন কৰা হয়। লেবাননৰ প্ৰতিবাদকাৰীয়ে বেইৰুটৰ ৰাষ্ট্ৰসংঘৰ ভৱন লণ্ড ভণ্ড কৰাৰ খবৰ আহিছে।
ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইলী মহিলা জোৱান শ্বহীদঃ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই যুদ্ধত এতিয়ালৈকে ২৮৬ জন সেনা জোৱান আৰু ৫১ জন আৰক্ষী বিষয়া নিহত হৈছে। এই আক্ৰমণত ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইলী মহিলা জোৱান শ্বহীদ হয়। তেওঁলোকৰ নাম হৈছে ২২ বছৰীয়া লেফটেনেণ্ট আৰ মোজেছ আৰু সীমান্ত আৰক্ষী পৰিদৰ্শক কিম ডকাৰকাৰ। গাজাৰ পৰা অহা হামাছৰ সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিৰ সময়ত শ্বহীদ হয় দুয়োগৰাকী মহিলা বিষয়া।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
