কায়ৰো (ইজিপ্ত)/দোহা (কাটাৰ)/টেল আভিভ (ইজৰাইল), ১৯ আগষ্ট (হি.স.)। কাটাৰ আৰু ইজিপ্তে গাজাৰ বাবে আগবঢ়োৱা নতুন যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হামাছে। এই প্ৰস্তাৱৰ অধীনত ইজৰাইলী পণবন্দী আৰু পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হ’ব। হামাছৰ সৈতে আলোচনাত জড়িত দুজন কূটনীতিবিদ আৰু ইজিপ্তৰ এজন বিষয়াই সোমবাৰে এই তথ্য প্ৰদান কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি এই প্ৰস্তাৱ এনে এটা সময়ত আহিছে যেতিয়া কাটাৰ আৰু ইজিপ্তই গাজা চহৰত ইজৰাইলৰ সম্ভাৱ্য স্থল আক্ৰমণৰ পূৰ্বে মধ্যস্থতাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। নতুন প্ৰস্তাৱৰ চৰ্তবোৰ পুৰণি একেই বুলি কোৱা হৈছে। ইতিমধ্যে ইজৰাইলে সেইবোৰ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অস্থায়ী যুদ্ধবিৰতি আৰু যুদ্ধ সম্পূৰ্ণৰূপে সমাপ্ত কৰাৰ দীৰ্ঘম্যাদী চুক্তি। ইতিমধ্যে ইজৰাইলে গাজাত জীয়াই থকা বুলি ধাৰণা কৰা পণবন্দীসকলৰ আধাক প্ৰাথমিক যুদ্ধবিৰতিৰ অধীনত পেলেষ্টাইনী বন্দীসকলৰ বিনিময়ত আৰু বাকীসকলক বহল অনুসৰণ চুক্তিৰ অধীনত মুকলি কৰি দিবলৈ সন্মত হৈছে।
হামাছে এক বিবৃতিত কয় যে দেওবাৰে ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাকাৰীৰ প্ৰস্তাৱত তেওঁলোক আৰু অন্যান্য পেলেষ্টাইনী গোটসমূহে সন্মতি প্ৰকাশ কৰিছে। ইজৰাইলৰ বিষয়াসকলে জনোৱা মতে, প্ৰায় ২০ জন পণবন্দী এতিয়াও জীয়াই আছে। আন ৩০ জনৰ মৃতদেহ গাজাত আছে। সোমবাৰে নেতান্যাহুৰ কাৰ্যালয়ে যুদ্ধবিৰতিৰ দালালিৰ বাবে কূটনৈতিক প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা নাছিল। নেতান্যাহুৱে কয়–মই সংবাদ মাধ্যমৰ বাতৰি শুনিছো। এই মুহূৰ্তত নিশ্চিত যে হামাছৰ ওপৰত প্ৰচণ্ড হেঁচা পৰিছে।
যোৱা সপ্তাহত নেতান্য়াহুৱে এইটোও কৈছিল যে ইজৰাইলে আৰু এনে চুক্তিৰ প্ৰতি আগ্ৰহী নহয়, য’ত মাত্ৰ কেইজনমান পণবন্দীক মুকলি কৰি দিয়া হ’ব। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে চলিত মাহত ইজৰাইলী পণবন্দীসকলৰ পৰিয়ালক এক বৈঠকত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া সকলো জীৱিত পণবন্দীক একেলগে মুকলি কৰি দিয়াটো বিচাৰিছে। ইজৰাইলে যুদ্ধৰ অন্ত পেলোৱাৰ চৰ্তত সকলো পণবন্দীক মুকলি কৰি দিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে হামাছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
