গাজা, ১৫ ডিছেম্বৰ (হি.স.)। ইজৰাইলৰ আগ্ৰাসী সামৰিক অভিযানে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ কঁকাল ভাঙি পেলাইছে। গাজা ষ্ট্ৰিপত যুদ্ধৰ ৭০ সংখ্যক দিন শুকুৰবাৰেও অব্যাহত আছে হামাছৰ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ-শস্ত্ৰ সণ্বৰণ কৰাৰ প্ৰক্ৰিয়া। এতিয়ালৈকে শ শ সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে কমল আদৱান হাস্পতালৰ সমীপত হোৱা এক এনকাউণ্টাৰত হামাছৰ কেইবাজনো কৰ্মীক হত্যা কৰে।
আগশাৰীৰ বাতৰি কাকত দ্য জেৰুজালেম পোষ্টৰ তথ্য অনুসৰি ইজৰাইল-হামাছ যুদ্ধই আজি ৭০তম দিনত ভৰি দিলে। হামাছৰ সন্ত্ৰাসবাদীয়ে বৃহৎ গোটত আইডিএফৰ জোৱানৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আজি পুৱাও হামাছৰ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰে। কাকতখনৰ মতে, ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে কয় যে ইজৰাইলে গাজাত গধুৰ মূল্য দি আছে যদিও ইয়াৰ লক্ষ্য অটল আছে।
বৃহস্পতিবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি কমল আদৱান হাস্পতালৰ অঞ্চলৰ হামাছৰ এটা অট্টালিকাত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ইয়াত হোৱা এনকাউণ্টাৰত সৈন্যই বহু সন্ত্ৰাসবাদীক হত্যা কৰিছিল। আইডিএফৰ মতে, বৃহৎ সংখ্যক জোৱান আহি পোৱা দেখি হামাছৰ উগ্ৰপন্থীয়ে আতংকিত হৈ পৰে। এই সময়ছোৱাত অস্ত্ৰ-শস্ত্ৰ লৈ চিকিৎসালয়ৰ পৰা ৭০ৰো অধিক সন্ত্ৰাসবাদী ওলাই আহে। তেওঁলোকে আত্মসমৰ্পণ কৰিলে। পিছত তেওঁক সোধা-পোছাৰ বাবে চোৰাংচোৱা সঞ্চালকালয়ৰ ৫০৪ নং ইউনিটলৈ প্ৰেৰণ কৰা হয়।
এই সময়ছোৱাত আইডিএফে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সৈতে মুখামুখি হ’ব লগা হৈছে। হিজবুল্লাই পাঁচটা ৰকেট নিক্ষেপ কৰে। ইয়াৰে এটা ৰকেট লেবাননৰ পৰা নিক্ষেপ কৰা হৈছিল। এতিয়ালৈকে শ শ ৰকেট আৰু মিছাইল নিক্ষেপ কৰিছে। নিৰাপত্তা বাহিনীয়েও ইয়াৰ উপযুক্ত উত্তৰ দিছে। এই যুদ্ধক লৈ আমেৰিকাৰ উদ্বেগ সন্দৰ্ভত টাইমছ অৱ ইজৰাইলত প্ৰকাশ পাইছে এক প্ৰতিবেদন।
দ্য টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ইজৰাইলৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে। চুলিভানে টেল আভিভত ইজৰাইলৰ বিষয়াসকলৰ সৈতে বাইডেন প্ৰশাসনৰ অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে হোৱাইট হাউছে বিচাৰে যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কেইসপ্তাহমানৰ ভিতৰত গাজাত যুদ্ধৰ অন্ত পেলায়। অৱশ্যে ইজৰাইলৰ নেতাসকলে সন্ত্ৰাসবাদী সংগঠনটোক পৰাস্ত নোহোৱালৈকে গাজা ষ্ট্ৰিপত আইডিএফে সামৰিক আক্ৰমণ অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
