কিয়েভ, ১৪ নৱেম্বৰ (হি.স.)। ৰাছিয়াই আজি শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বৃহৎ ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে ২৬ জনতকৈ অধিক আহত হয়।
ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ইয়াক “এটা বিশাল, বৃহৎ শত্ৰুৰ আক্ৰমণ” বুলি অভিহিত কৰি কয় যে এই আক্ৰমণত আৱাসিক অট্টালিকাসমূহৰ ক্ষতিসাধন হৈছে যদিও কেইবাটাও ক্ষেপণাস্ত্ৰ ভূপাতিত কৰা হৈছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই আক্ৰমণত মহানগৰীৰ কেইবাখনো জিলাৰ অট্টালিকা ধ্বংস হয়, যাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয়। এই আক্ৰমণত আহত কমেও ২৭ জন লোকক জৰুৰী চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ইফালে ৰাষ্ট্ৰপতি জেলেনস্কিৰ মতে সমগ্ৰ দেশখনতে কমেও ৪৩০খন ড্ৰ’ন আৰু ১৮টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা হয় আৰু ৰাজধানী কিয়েভক প্ৰধান লক্ষ্য হিচাপে লৈছিল। টেলিগ্ৰামত প্ৰেৰণ কৰা বাৰ্তাত তেওঁ কয় যে, “এয়া আছিল সাধাৰণ নাগৰিক আৰু সাধাৰণ নাগৰিকৰ সৰ্বাধিক ক্ষতিসাধন কৰিবলৈ ডিজাইন কৰা এক অতি নিখুত আক্ৰমণ।” তেওঁ লগতে কয় যে এই আক্ৰমণত আজাৰবাইজানৰ দূতাবাসৰ ক্ষতিসাধন হৈছে।
কিয়েভৰ মেয়ৰ ভিটালি ক্লিচ্কোৱে জনোৱা মতে, চহৰখনৰ মাজমজিয়াত বিস্ফোৰণ সংঘটিত হয়, য’ত এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি কেইবাজনো সাধাৰণ নাগৰিক আহত হয়। উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰি আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ কাম কৰি আছিল। এই আক্ৰমণৰ ফলত মহানগৰীত বিদ্যুৎ আৰু পানী যোগান ব্যাহত হৈ পৰে।
ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ ১০০০তম দিনৰ ওচৰ চাপি অহা এই আক্ৰমণৰ ফলত ইউক্ৰেইন সম্পদৰ নাটনিৰ সৈতে যুঁজিবলগীয়া হৈছিল।
ইফালে ইউক্ৰেইনৰ বায়ুসেনাই কেইবাখনো ৰাছিয়াৰ ড্ৰ’ন ভূপাতিত কৰা বুলি দাবী কৰিছিল যদিও কিয়েভৰ অসামৰিক অঞ্চলসমূহ লক্ষ্য হৈ পৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
