
আদিছ আবাবা, ১৭ ডিচেম্বৰ (হি.স.)। ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাত ইথিওপিয়াৰ গায়কসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বন্দে মাতৰমৰ জৰিয়তে আদৰণি জনায়। লগতে সমবেত হোৱা বৃহৎ সংখ্যক ভাৰতীয় প্ৰৱাসী লোকে ত্ৰিৰংগা জোকাৰি মোডী-মোডী আৰু ভাৰত মাতা কি জয় ধ্বনি দি প্ৰধানমন্ত্ৰীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে হাত দাঙি সকলোৰে অভিবাদন জনায়।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আবি আহমেদ আলীয়ে আয়োজন কৰা নৈশ আহাৰত ইথিওপিয়াৰ শিল্পীসকলে “বন্দে মাতৰম”ৰ সুৰীয়া পৰিবেশন শুনাটো এক গভীৰভাৱে আৱেগিক মুহূৰ্ত আছিল, কিয়নো এই সময়ত ভাৰতে “বন্দে মাতৰম”ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰি আছে।
ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে মাতৰম গীতটো শুনাৰ পাছত হাত দাঙি হাত চাপৰি বজাই থকা দেখা গৈছে। অনুষ্ঠানত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত আছিল আৰু তেওঁলোকেও হাত চাপৰি বজাই ইয়াৰ প্ৰশংসা কৰিছিল।
ভাৰতীয় জাতীয় সংগীত বন্দে মাতৰমৰ দৰেই ইথিওপিয়াৰ জাতীয় সংগীতেও মাতৃভূমিক মাতৃ হিচাপে সম্বোধন কৰিছে, যিটো ভাৰতীয় ৰাষ্ট্ৰীয় গীতৰ সৈতে ইয়াৰ একাত্মতা প্ৰতিফলিত কৰে।
উল্লেখযোগ্য যে ভাৰত চৰকাৰে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ২০২৫ চনৰ ৭ নৱেম্বৰৰ পৰা ২০২৬ চনৰ ৭ নৱেম্বৰলৈকে দেশজুৰি স্মৃতিচাৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
